কলিয়াবৰ মিছাত পথদুৰ্ঘটনা, দুৰ্ঘটনাত পতিত ৫খনকৈ বাহন…

কলিয়াবৰ মিছাত পথদুৰ্ঘটনা, দুৰ্ঘটনাত পতিত ৫খনকৈ বাহন…

author-image
asomiyapratidin
New Update
কলিয়াবৰ মিছাত পথদুৰ্ঘটনা, দুৰ্ঘটনাত পতিত ৫খনকৈ বাহন…

ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াবৰৰ মিছাত শুকুৰবাৰে বিয়লি সংঘটিত এটি পথ দুৰ্ঘটনাত একেলগে দুৰ্ঘটনাত পতিত হয় পাঁচ খনকৈ বাহন। উল্লেখ্য যে, প্ৰথমতে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হোৱা এ এছ ২০ ১৫২৪ নম্বৰৰ গুৱাহাটী অভিমুখী অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছখনে এখন ট্ৰেভেলাৰসহ তিনিখন সৰু বাহনত খুন্দ মাৰে।

Advertisment

দুৰ্ঘটনা সংঘটিত কৰি বাছখনৰ চালক জন পলায়ন যায় । বাছৰ খুন্দাত এ এছ ০২ আৰ ৫৯৫৫ নম্বৰৰ চেলেৰিঅ'খন বেছিকৈ ক্ষতিগ্ৰস্ত হয়। মিছা সেনা শিবিৰৰ সমীপতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।

পথ নিৰ্দেশনা অবিহনে চাৰিলেন যুক্ত পথ নিৰ্মাণ কাৰ্য চলি থকাৰ ফলতে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

assam nagaon road accident