কোকৰাঝাৰ ভোট গণনাঃ সাজু হৈছে জিলা প্ৰশাসনসহ ৩০০ কৰ্মচাৰী...

কোকৰাঝাৰ ভোট গণনাঃ সাজু হৈছে জিলা প্ৰশাসনসহ ৩০০ কৰ্মচাৰী...

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰ ভোট গণনাঃ সাজু হৈছে জিলা প্ৰশাসনসহ ৩০০ কৰ্মচাৰী...

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ ভোটগণনালৈ মাজত মাথো কেইটামান ঘন্টা বাকী। ইতিমধ্যে সাজু হৈছে কোকৰাঝাৰ জিলা প্ৰশাসন। মঙলবাৰে পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব বুলি সদৰি কৰিছে কোকৰাঝাৰ ৰিটাৰ্ণিং বিষয়া প্ৰদীপ কুমাৰ দ্বিৱেদীয়ে । জিলাখনৰ ভোটগণনাৰ বাবে ৩০০ কৰ্মচাৰী সাজু হৈছে।

Advertisment

জানিব পৰা মতে, কোকৰাঝাৰৰ নিৰাপত্তা ব্যৱস্থা তিনি তৰপীয়া হ'ব। ১৫ ৰাউণ্ডত সম্পন্ন হ'ব ভোটগণনা। কোকৰাঝাৰ লোকসভা সমষ্টিত ৫ টা ভোটগণনা কেন্দ্ৰ আছে। কোকৰাঝাৰ, গোঁসাইগাঁও, চিৰাং, বিজনী আৰু বাকচাত ভোটগণনা অনুষ্ঠিত হ'ব। ভোটগণনা কেন্দ্ৰৰ ১০০ মিটাৰ লৈ কোনো ধৰণৰ দোকান পোহাৰ দিব নোৱাৰিব বুলি জনাই প্ৰশাসনে।

Also Read: তামুলপুৰত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহঃ আৰক্ষী-আছু নেতাৰ হতাহতি

kokrajhar voting kokrajhar voting counting