তামুলপুৰত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহঃ আৰক্ষী-আছু নেতাৰ হতাহতি

তামুলপুৰত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহঃ আৰক্ষী-আছু নেতাৰ হতাহতি

author-image
Asomiya Pratidin
New Update
তামুলপুৰত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহঃ আৰক্ষী-আছু নেতাৰ হতাহতি

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰত আছুৰ আহ্বানত মল্যবৃদ্ধিৰ প্ৰতিবাদত যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিকৃতি দাহ। প্ৰতিকৃতি দাহক লৈ আছু আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হয়।

Advertisment

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ তামুলপুৰ জিলা সন্থাৰ উদ্যোগত তামুলপুৰত অত্যাৱশ্যকীয় খাদ্য সামগ্রী, ৰন্ধন গেছ, জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। খাদ্য সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধি, জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধি আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ দাবীত যোগান বিভাগ হায় হায়, যোগান মন্ত্ৰী গ’বেক, অসম চৰকাৰ হায় দায়, মুখ্যমন্ত্ৰী গ’ বেক আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

সোমবাৰৰ কাৰ্যসূচীত ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ডুলুজিত দাস তামুলপুৰ জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি সন্তোষ পাটোৱাৰী সাঃ সম্পাদক সৰঞ্জণ ৰাভা প্ৰমুখ্যে আন আন সদস্য সকল উপস্থিত থাকে৷

Also Read: ডামবুকত শোকাৱহ দুৰ্ঘটনা সংঘটিতঃ জীৱন্তে অগ্নিদগ্ধ যুৱক

tamulpur police aasu protest tamulpur