জন্ম-মৃত্যুৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত উৎকোচ লোৱা কৰ্মচাৰী নিলম্বিত…

জন্ম-মৃত্যুৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত উৎকোচ লোৱা কৰ্মচাৰী নিলম্বিত…

author-image
asomiyapratidin
New Update
জন্ম-মৃত্যুৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত উৎকোচ লোৱা কৰ্মচাৰী নিলম্বিত…

ডিজিটেল ডেস্ক, কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ কচুগাঁওত জন্ম -মৃত্যুৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত উৎকোচ লোৱাৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছত কৰ্মচাৰী গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি সদৰি কৰিছে বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'য়ে ।

Advertisment

অহা সোমবাৰে অৰ্থাৎ ১৬ আগষ্টত কৰ্মচাৰী গৰাকীক ছমাহৰ বাবে নিলম্বন কৰা হ'ব আৰু এই সন্দৰ্ভত যাৱতীয় নিৰ্দেশনা বাহিৰ কৰিবলৈ বিটিচিৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ যুটীয়া সঞ্চালকলৈ নিৰ্দেশনা দিয়া বুলি সদৰি কৰিছে স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'য়ে। তদুপৰি বালাজান খণ্ড প্ৰাথমিক চিকিৎসালয়তো উৎকোচৰ বেহা চলে আৰু উপযুক্ত প্ৰমান পালেই বিহিত ব্যৱস্থা লোৱা হ'ব বুলি সদৰি কৰে বিটিচি স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীয়ে ।

আৰু পঢ়ক : ভাগি পৰিল তিতাবৰ মহকুমা প্ৰশাসনৰ ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ পেণ্ডেল…

assam Assam police himanta biswa sarma kokrajhar bjp