ক্ৰিশান বসুমতাৰীৰ মৃত্যু ৰহস্য ভেদ! গ্ৰেপ্তাৰ দুই বন্ধু...

নিষিদ্ধ ড্ৰাগছৰ কবলত পৰি যুৱ সমাজ ধ্বংসৰ পিনে গতি কৰিছে তাৰ এক উদাহৰণ সম্প্রতি পোহৰলৈ আহিছে ।

author-image
Asomiya Pratidin
New Update
ক্ৰিশান বসুমতাৰীৰ মৃত্যু ৰহস্য ভেদ! গ্ৰেপ্তাৰ দুই বন্ধু...

ডিজিটেল সংবাদ, চিৰাং : নিষিদ্ধ ড্ৰাগছৰ কবলত পৰি যুৱ সমাজ ধ্বংসৰ পিনে গতি কৰিছে তাৰ এক উদাহৰণ সম্প্রতি পোহৰলৈ আহিছে । ১৪ অক্টোবৰ নিশা চিৰাঙত পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্ৰ ক্ৰিশান বসুমতাৰীৰ ৰহস্যজনক মৃত্যু আৰু ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হয়। এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত থকা অপৰাধত এগৰাকী সহপাঠী সহ দুই যুৱকক চিৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

Advertisment

চিদলী থানাৰ আৰক্ষীয়েমঙলবাৰে গুৱাহাটী মহানগৰীৰৰ পৰা গ্ৰেপ্তাৰ যুৱক দুজনৰ নাম ক্ৰমে ৰাজীৱ বসুমতাৰী (২৩) আৰু জোচ নাৰ্জাৰী (২৩) । ধৃত দুই যুৱকে আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি ১৪ অক্টোবৰৰ দিনা ক্ৰিশান বসুমতাৰী আৰু ৰাজীৱ বসুমতাৰীয়ে পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্ৰাবাস কতৃপক্ষৰ অজ্ঞাতে ওলাই আহে। তেওঁলোকে কোকৰাঝাৰৰ পৰা যোৱা বন্ধু জোচ নাৰ্জাৰীৰ সৈতে একলগ হৈ গৃহ চহৰ কোকৰাঝাৰ আহি পায় আৰু কোকৰাঝাৰতে তিনিও জনে নিষিদ্ধ ড্ৰাগছ সেৱন কৰে।

কিন্তু ক্ৰিশান বসুমতাৰীয়ে মাত্ৰাধিক ড্ৰাগছ লোৱাৰ ফলত অজ্ঞান হৈ পৰাত বাকী দুজনে ক্ৰিশান বসুমতাৰীক চিকিৎসালয়ত লৈ যোৱাৰ পৰিবৰ্তে বাহনত উঠাই চিৰাঙৰ চম্পাবজাৰৰ কাষৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলাই থৈ গুৱাহাটী অভিমুখে পলায়ন কৰে । ক্ৰিশান বসুমতাৰীৰ মৃত্যুৰ আঁৰত নিষিদ্ধ ড্ৰাগছৰ মাত্ৰাধিক ব্যৱহাৰ হোৱা বুলি প্ৰাথমিক তদন্তত তথ্য পোহৰলৈ আহিছে যদিও ফৰেনচিক পৰীক্ষাৰ ফলাফলৰ অন্তত সকলো তথ্য ৰাজহুৱা কৰা বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰে ।

ধৃত যুৱক দুজন ঘৰ কোকৰাঝাৰ চহৰত । উল্লেখ্য যে ধৃত ৰাজীৱ বসুমতাৰী হৈছে ক্ৰিশান বসুমতাৰীৰ সহপাঠী তথা আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্ৰ । তাৰ বিপৰীতে জোচ নাৰ্জাৰী দুয়োৰে কোকৰাঝাৰ চহৰৰ বন্ধু।

মঙলবাৰে গ্ৰেপ্তাৰ কৰা যুৱক দুজনক আদালতৰ অনুমতি সাপেক্ষে চিৰাং আৰক্ষীয়ে জিম্মাত লৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।

assam dead kokrajhar Assam police