/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/road.jpg)
ডিজিটেল সবাদ, কোকৰাঝাৰ:– কোকৰাঝাৰৰ জিলাৰ বালাজান তিনালীৰ লাউৰিপাৰাত বুধবাৰে নিশা সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাৰ ফলত দুগৰাকীকৈ যুৱক নিহত হয় । ইয়াৰে এজনক বালাজান তিনালীৰ তথা ৰে'লৱেৰ কৰ্মচাৰী ৰুজুম বসুমতাৰী(২৭) বুলি চিনাক্ত কৰা হৈছে যদিও আনজনক অদ্যপি চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই ।
উল্লেখ্য যে ৰুজুম বসুমতাৰী আৰু তেওঁৰ পত্নীয়ে বজাৰ -সমাৰ কৰি এনফিল্ড বুলেটেৰে (নং এএচ ১৬ ,,এইচ ৫৪১৫) ঘৰলৈ উভতাৰ পথতে দুৰ্ঘটনাটো সংঘটিত হৈছে । দুৰ্ঘটনাত ৰুজুম বসুমতাৰীৰ পত্নী পুনম বসুমতাৰীও গুৰুতৰভাৱে আহত হৈছে ।
আনহাতে উক্ত দুৰ্ঘটনাত স্কুটীচালকৰো মৃত্যু ঘটে যদিও অদ্যপি চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই । স্কুটীৰ আৰোহীজনো গুৰুতৰভাৱে আহত হৈছে আৰু তেওঁক বিশমুৰীৰ কৰ্ণজিৎ বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে । তেওঁৰ অৱস্থা অতিকৈ সংকটজনক আৰু বৰ্তমান কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
আৰু পঢ়ক: মুছলপুৰত খাম আৰু দখনা বিতৰন বিটিআৰৰ কার্যবাহী সদস্য ৰাকেশ ব্রহ্মৰ…