বিহুৰ আনন্দৰ মাজতই কোকৰাঝাৰত পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৪জনৰ…

বিহুৰ আনন্দৰ মাজতই কোকৰাঝাৰত পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৪জনৰ…

author-image
asomiyapratidin
New Update
বিহুৰ আনন্দৰ মাজতই কোকৰাঝাৰত পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৪জনৰ…

ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা । কেন্দ্ৰীয় বিদ্যালয়ৰ সমীপত সংঘটিত হয় পথ দুৰ্ঘটনাটো ।

Advertisment

ইটা কঢ়িওৱা মিনি ট্ৰাকৰ সৈতে সংঘৰ্ষ পালছাৰ ২২০ মটৰচাইকেলৰ । দুৰ্ঘটনাত থিতাতে নিহত এজন লগতে আহত হয় দুজনকৈ লোক ।

আহত দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । নিহত ব্যক্তি গৰাকী কচুগাঁৱৰ ডেংখৌ বসুমতাৰী বুলি চিনাক্ত হৈছে ।

আহত দুজন হ'ল মৈখাং বসুমতাৰী আৰু কানন গয়াৰী । উল্লেখ্য যে, দুৰ্ঘটনাৰ পিছতে মিনি ট্ৰাকত জ্বলি উঠে জুই । অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই ।

অন্যহাতে কোকৰাঝাৰ মছজিদৰ ওচৰতো আন এক দুৰ্ঘটনা সংঘটিত হয় ।গৰুক খুন্দিয়াই বাগৰি পৰে মটৰচাইকেল । চালকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

যোৱা ২৪ ঘণ্টাত কোকৰাঝাৰত কেবাটাও দুৰ্ঘটনা সংঘটিত হয় । কোকৰাঝাৰত যোৱা ২৪ ঘন্টাত পথ দুৰ্ঘটনাত মৃত্যু চাৰি যুৱকৰ ।

আৰু পঢ়ক: প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালাৰ ৰাজ্যিক মৰ্যদাৰে শেষকৃত সম্পন্ন…

assam dead kokrajhar road accident