কোকৰাঝাৰ জিলাৰ ছালাকাটিত ভয়ংকৰ পথ দুৰ্ঘটনা…

কোকৰাঝাৰ জিলাৰ ছালাকাটিত ভয়ংকৰ পথ দুৰ্ঘটনা…

author-image
asomiyapratidin
New Update
জাগীৰোডত নৈশ বাছ দুৰ্ঘটনাগ্রস্ত

ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰ জিলাৰ ছালাকাটিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ দেওবাৰে বিয়লি ছালাকাটিৰ তিনালী চ'কত সংঘটিত হোৱা উক্ত পথ দুৰ্ঘটনাত মহিলা সহিত চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হয় ৷

Advertisment

আহতসকলক গোৱালপাৰা জিলাৰ দূধনৈৰ কৰলাপাৰা গাঁৱৰ ক্ৰমে মহিনী বসুমতাৰী (৪৪), বুধবাৰী বসুমতাৰী (৪৭), হুমায়ুন বসুমতাৰী (৫০) আৰু বাপন বসুমতাৰী (১৬) বুলি জানিব পৰা গৈছে ।

প্ৰাপ্ত বাতৰি মতে আজি বিয়লি ছালাকাটিৰ তিনালী চ'কত AS 16 AC4054 নম্বৰৰ ১২ চকীয়া অইল ট্ৰেংকাৰ গাড়ী এখনৰ সতে AS 01 AL 1886 নম্বৰৰ চেন্ট্ৰ গাড়ী এখনৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত ট্ৰেংকাৰ গাড়ী খন পথৰ দাঁতিত বাগৰি পৰে আৰু দুৰ্ঘটনাত চেন্ট্ৰ গাড়ী খনত থকা চাৰিজনকৈ লোক গুৰুতৰ ভাৱে আহত হয় ৷

আহত সকলক প্ৰথমে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ আৰ এন বি চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত আহত সকলক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে ৷

আৰু পঢ়ক: অস্তিত্বহীন হোৱাৰ পথত কংগ্ৰেছ! গোৱাৰ ৯ গৰাকী বিধায়ক বিজেপিত যোগদানৰ সম্ভাৱণা…

assam kokrajhar road accident