/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/road.png)
ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰত মেট্ৰিক পৰীক্ষাৰ্থী দুৰ্ঘটনাত পতিত । পৰীক্ষাৰ্থী গৰাকীৰ নাম অনিৰুদ্ধ ৰায়(১৬)।
বালাগাঁৱত মটৰচাইকেলে খুন্দিয়াই পৰীক্ষাৰ্থীগৰাকী । চাইকেলেৰে পৰীক্ষা দিবলৈ গৈ থকা অনিৰুদ্ধক খুন্দিয়ালে মটৰচাইকেলে ।
দুৰ্ঘটনা সংঘটিত কৰা মটৰচাইকেলখনৰ নম্বৰ হৈছে এএচ ১৬ এফ , ৫৩৬৫। ছাত্ৰ গৰাকী গুৰুতৰভাৱে আহত হৈছিল যদিও চিকিৎসালয়ৰ পৰা চিধাই পৰীক্ষাগৃহত উপস্থিত কৰালে অভিভাৱকে ।
গৌৰাং হাইস্কুলত তেনে অৱস্থাতে পৰীক্ষাগৃহত বহিল অনিৰুদ্ধ । সুকীয়াকৈ তত্বাবধানত ৰাখি পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰ্তৃপক্ষৰ ।
মূৰ দাঙিবই নোৱাৰে অনিৰুদ্ধই । মূৰত আঘাত পাইছে অনিৰুদ্ধই ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us