বলাৎকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড কোকৰাঝাৰ বিশেষ আদালতৰ

বলাৎকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড কোকৰাঝাৰ বিশেষ আদালতৰ

author-image
asomiyapratidin
New Update
কৰিমগঞ্জত ড্ৰাগছসহ আটক এজন

ডিজিটেল সংবাদ,কোকৰাঝাৰ: কোকৰাঝাৰ বিশেষ আদালতৰ বিশেষ ন্যায়াধীশ চি চতুৰ্বেদীয়ে শুকুৰবাৰে দুই বলাৎকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ দিছে । ইয়াৰোপৰি অপৰাধী দুটাক ৫০ হাজাৰ টকা জৰিমণা বিহে , জৰিমনা অনাদায়ে অতিৰিক্ত দুই বছৰৰ সশ্ৰম কাৰাদণ্ড খাটিব লাগিব বুলি বিশেষ আদালতৰ বিশেষ ন্যায়াধীশ চি চতুৰ্বেদীয়ে নিজৰ ৰায়দানত উল্লেখ কৰিছে ।

Advertisment

প্ৰাপ্ত বাতৰি অনুসৰি ২০১৭ চনৰ ২১ জুলাইৰ সন্ধিয়া নিৰ্যাতিতা ছোৱালী জনীয়ে আইতাকৰ ঘৰত গৈ থকা অৱস্থাত আচামী ক্ৰমে নাছিৰ হুছেইন (২৪) আৰু শুকুৰ আলি(২২) ৰাস্তাতে বলাৎকাৰ কৰিছিল । আইতাকৰ ঘৰত থকা নিজৰ ভাইটীক আনিবলৈ যাওঁতে ৰাস্তাতে দুই পাষণ্ডই কৰা উক্ত ঘটনাক লৈ সেইসময়ত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

পিছত ঘটনাটো সন্দৰ্ভত নিৰ্যাতিতাৰ পিতৃয়ে সেৰফাংগুৰী থানাত এক গোচৰ (নং ২৭/২০১৭) ৰজু কৰিছিল । ইয়াৰোপৰি উক্ত ঘটনাটোকলৈ আন এক বিশেষ গোচৰ(নং ৮/১৮)পঞ্জীয়ন হৈছিল আৰু পক্চো আইনৰ ৬ নং ধাৰা অনুসৰি শুকুৰবাৰে দুই আচামীক বিশেষ আদালতৰ বিশেষ ন্যায়াধীশ চি চতুৰ্বেদীয়ে ২০ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে ৫০ হাজাৰ টকা জৰিমনা বিহে ।

assam kokrajhar