/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/kok.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ: ৰাজ্য কঁপোৱা অভয়াকুটি হত্যাকাণ্ডৰ ৰায়দান । যোৱা ২০২১, ১০ জুনত সংঘটিত হৈছিল অভয়াকুটিত ভয়ংকৰ হত্যাকাণ্ড ।
দুগৰাকী নাৱালিকাক বলাৎকাৰ কৰি হত্যা কৰিছিল তিনি পাষণ্ডই । তাৰ পাছতেই ১১ জুনত গছত চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ হৈছিল নাৱালিকা দুগৰাকীৰ মৃতদেহ ।
১২ জুনত কোকৰাঝাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ নেৰ্তৃত্বত গঠন কৰা হৈছিল এচআইটি আৰু ১৩ জুনত মৃত নাৱালিকাদ্বয়ৰ ঘৰত মুখ্যমন্ত্ৰী উপস্থিত হৈছিল। লগতে আৰক্ষীক ঘটনা সন্দৰ্ভত ক্ষীপ্ৰ তদন্ত কৰাৰ নিৰ্দেশ দিছিল।
অন্য খবৰ পঢ়িবলৈ ক্লিক কৰক: পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰুদ্ধে থিয় দিয়া একমাত্ৰ দল বিজেপি: মোডী
ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে আটক কৰিছিল মুল অভিযুক্ত ক্ৰমে মুজাম্মেল শ্বেখ (২০) , নছিবুল আলি শ্বেখ (১৯ ) আৰু ফৰিজুল ৰহমান(২২) ।
অৱশেষত কোকৰাঝাৰ বিশেষ আদালতত গোচৰৰ শুনানিৰ অন্তত বুধবাৰে কোকৰাঝাৰ বিশেষ আদালতে অভিযুক্তক দোষী ঘোষণা কৰে । গোচৰ নং ৪৪০/২১ আৰু বিশেষ কেছ ৩২/২১ গোচৰত চি চতুৰ্বেদীৰ আদালতে কৰিলে ৰায়দান ।
আদালতে অহা ৮ এপ্ৰিলত কৰিব দোষীৰ শাস্তিৰ ঘোষণা । পকচো এক্ট , এচ চি আৰু এচটি এক্ট মতেও দোষী সাৱ্যস্ত হৈছে । ফাঁচী নে যাব্বজীৱন কাৰাদণ্ড হ'ব তাকে লৈ চৰ্চা অব্যাহত কোকৰাঝাৰত ।
আৰু পঢ়ক: শ্ৰেষ্ঠ ৩০খন বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃগোটক সম্বৰ্ধনা…