বড়োলেণ্ড বিশ্ববিদ্যালয়ত বিক্ষোভৰ জুই, প্ৰতিবাদত নামিল কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী...

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মূল দ্বাৰত এবছুৰ উদ্যোগত ধৰ্ণাত বহিল কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী

author-image
Asomiya Pratidin
New Update
বড়োলেণ্ড বিশ্ববিদ্যালয়ত বিক্ষোভৰ জুই, প্ৰতিবাদত নামিল কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী...

boroland university

ডিজিটেল সংবাদ, কোকৰাঝাৰ : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মূল দ্বাৰত এবছুৰ উদ্যোগত ধৰ্ণাত বহিল কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে এবছুৱে।

পৰীক্ষাৰ ফলাফলৰ নম্বৰকলৈ ব্যাপক বিসংগতিৰ সৃষ্টি হৈছিল বড়োলেণ্ড বিশ্ববিদ্যালয়ত। পৰীক্ষাত অৱতীৰ্ণ হোৱা ১২ হাজাৰ পৰীক্ষাৰ্থীৰ ভিতৰত মাত্ৰ ৩ হাজাৰ হে উত্তীৰ্ণ হৈছিল। পৰীক্ষাৰ ফলাফল ঘোষণাত ব্যাপক বিসংগতি অভিযোগ তুলি প্ৰতিবাদ সাৱস্থ্য এবছুৰ।

এবছুৰ উদ্যোগত অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীত আন কেবাটাও সংগঠনৰ নেৰ্তৃবৰ্গই অংশগ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীৰ বিক্ষোভত উত্তাল হৈ পৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদ ৷ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ সকিয়নী প্ৰদান এবছুৰ ।

কাৰোবাৰ স্বাৰ্থ পূৰণ কৰিবলৈকে ইচ্ছাকৃতভাৱে বিসংগতি সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰাৰ কথা উল্লেখ কৰে এবছুৱে। লগতে ছাত্ৰ-ছাত্ৰীৰ সমস্যা সমাধান নোহোৱালৈ ন্যায়ৰ হকে যুঁজ দিব এবছুৱে। হাতে হাতে বেনাৰ-ফেষ্টুন লৈ কৰা ধৰ্ণা -প্ৰতিবাদৰ ফলত অচলাৱস্থা বড়োলেণ্ড বিশ্ববিদ্যালয়ত।

assam kokrajhar boroland university