/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/protest.png)
ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰ জিলাৰ ৮১৪ নং ছেদামাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰতিবাদ। দেওবাৰে বিদ্যালয়খনৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ এগৰাকীৰ পানীত ডুবি মৃত্যু হৈছিল ।
উল্লেখ্য যে, বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতিয়ে ছাত্ৰ ছাত্ৰী সকলক চম্পাৱতী নৈত গা ধুৱাবলৈ নিছিল আৰু তেতিয়াই নৈৰ গভীৰ পানীত পৰি মৃত্যু হৈছিল মেধাৱী ছাত্ৰজনৰ ।
তাৰপাছতেই সোমবাৰ বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে স্থানীয় ৰাইজ আৰু ছাত্ৰ ছাত্ৰী সকলে। ন্যায়ৰ দাবীত তীব্ৰ প্ৰতিবাদ কৰি প্ৰধান শিক্ষক গ' বেক ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।
গা ধুব নগ'লে প্ৰধান শিক্ষক কৃষ্ণ চাৰে মাৰিব বুলি অভিযোগ ছাত্ৰ ছাত্ৰীৰ । ঘটনাক লৈ উত্তপ্ত ছেদামাৰী অঞ্চল২০ ঘণ্টা উকলি যোৱাৰ পিছতো সম্পন্ন হোৱা নাই মৰণোত্তোৰ পৰীক্ষা ।