কাৰাগাৰৰ ভিতৰত কয়দীৰ আত্মহত্যা; কিন্তু কিয় ?

কাৰাগাৰৰ ভিতৰত কয়দীৰ আত্মহত্যা; কিন্তু কিয় ?

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ পুনৰ কয়দীৰ আত্মহত্যা। কোকৰাঝাৰত পোহৰলৈ আহিছে ভয়ংকৰ ঘটনা। কোকৰাঝাৰ জিলা কাৰাগাৰৰ ভিতৰতে কয়দীৰ ৰহস্যজনক আত্মহত্যা। আত্মহত্যা কৰা কয়দীজন কোকৰাঝাৰ জিলাৰ কচুগাঁৱৰ ২নং কানুপাৰাৰ যোছেফ মাৰ্ডী বুলি জানিব পৰা গৈছে।

যোছেফ মাৰ্ডী চাওতাল টাইগাৰ ফৰ্চৰ সদস্য আছিল। বৃহস্পতিবাৰে নিশাৰ ঘটনা এয়া। প্ৰায় ১০.২০ মান বজাত কোকৰাঝাৰ জিলা কাৰাগাৰৰ বাথৰুমত যোছেফ মাৰ্ডীয়ে আত্মহত্যা কৰা বুলি প্ৰকাশ কৰে আৰক্ষীয়ে। কিন্তু কেনেকৈ, কি কাৰণত আত্মহত্যা কৰিলে সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত। উল্লেখযোগ্য যে, গোচৰ নং ৬/২০১৮ৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৭/ ৩৮০ ধাৰাত অভিযুক্ত হৈ চলিত বৰ্ষৰ জানুৱাৰীৰ মাহৰ পৰা কাৰাৱাস খাটিছিল যোছেফ মাৰ্ডীয়ে।

বিগত তিনিমাহ পূৰ্বে যোছেফ মাৰ্ডীয়ে গছত উঠিছিল বুলি প্ৰকাশ কৰিছে অতিৰিক্ত উপায়ুক্তই। গছৰ পৰা পৰি আঘাত পাইছিল, GMCHত চলি আছিল চিকিৎসা। ইয়াৰ উপৰিও ডকাইতি কেচত জড়িত আছিল বুলিও প্ৰকাশ কৰিছে অতিৰিক্ত উপায়ুক্তই। ঘটনা সন্দৰ্ভত ন্যায়িক তদন্ত প্ৰক্ৰিয়া কৰা হ’ব বুলিও প্ৰকাশ কৰিছে অতিৰিক্ত উপায়ুক্ত ৱাহিদুল ইছলামে। ইফালে কাৰাগাৰ কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই যোছেফ মাৰ্ডীয়ে আত্মহত্যা কৰিবলৈ সুযোগ পালে বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

কাৰাগাৰৰ ভিতৰত কয়দীৰ আত্মহত্যা; কিন্তু কিয় ?
কাৰাগাৰৰ পৰা বাহিৰলৈ আহিও বন্দীত্বৰ জীৱন পাৰ কৰিব লাগিব আং চান চ্যু কিয়ে !

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in