বড়ো জনগোষ্ঠীৰ লোকনৃত্য- লোকবাদ্য-লোককৃষ্টি ভুলকৈ উপস্থাপনঃকোকৰাঝাৰত সংবাদমেল...

বড়ো জনগোষ্ঠীৰ লোকনৃত্য- লোকবাদ্য -লোককৃষ্টি ভুলকৈ উপস্থাপন কৰাৰ বাবে ৰাজ্যৰ ১৩ টা লোকবাদ্য-লোককৃষ্টি দলৰ বিৰুদ্ধে আজি কোকৰাঝাৰত এজাহাৰ দাখিল কৰিছে দুলাৰায় বড়ো হাৰিমু আফাটে । আজি কোকৰাঝাৰত দুলাৰায় বড়ো হাৰিমু আফাটে এক সংবাদমেল সম্বোধন কৰি কয় যে বাৰেবৰহীয়া কৃষ্টি -সংস্কৃতি প্ৰদৰ্শনৰ নাম লোকবাদ্য -লোকনাট্য তথা অন্যান্য ব্যৱসায়িকভিত্তিক দল সমুহে বড়ো জনগোষ্ঠীৰ লোকনৃত্য- লোকবাদ্য -লোককৃষ্টি ভুলকৈ উপস্থাপন কৰি বড়োসকলৰ মান-সন্মান লাঘৱ কৰিছে।

author-image
Asomiya Pratidin
New Update
বড়ো জনগোষ্ঠীৰ লোকনৃত্য- লোকবাদ্য-লোককৃষ্টি ভুলকৈ উপস্থাপনঃকোকৰাঝাৰত সংবাদমেল...

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বড়ো জনগোষ্ঠীৰ লোকনৃত্য- লোকবাদ্য -লোককৃষ্টি ভুলকৈ উপস্থাপন কৰাৰ বাবে ৰাজ্যৰ ১৩ টা লোকবাদ্য-লোককৃষ্টি দলৰ বিৰুদ্ধে আজি কোকৰাঝাৰত এজাহাৰ দাখিল কৰিছে দুলাৰায় বড়ো হাৰিমু আফাটে । আজি কোকৰাঝাৰত দুলাৰায় বড়ো হাৰিমু আফাটে এক সংবাদমেল সম্বোধন কৰি কয় যে বাৰেবৰহীয়া কৃষ্টি -সংস্কৃতি প্ৰদৰ্শনৰ নাম লোকবাদ্য -লোকনাট্য তথা অন্যান্য ব্যৱসায়িকভিত্তিক দল সমুহে বড়ো জনগোষ্ঠীৰ লোকনৃত্য- লোকবাদ্য -লোককৃষ্টি ভুলকৈ উপস্থাপন কৰি বড়োসকলৰ মান-সন্মান লাঘৱ কৰিছে।

Advertisment

সৰু লৰা-ছোৱালীয়ে ভুল কৰিলে ক্ষমা কৰিব পাৰি কিন্তু এনে দল সমুহে যিহেতু ব্যৱসায়িক গোষ্ঠীৰ সেয়েহে তেওঁলোকৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছে বুলি মন্তব্য কৰি অশুদ্ধ ৰূপত উপস্থাপন কৰা আন দল সমুহলৈও সঁকিয়নিমুলক বাৰ্তা প্ৰেৰণ কৰিছে।সংবাদমেলত উপস্থিত থাকি দুলাৰায় বড়ো হাৰিমু আফাটৰ সভাপতি বিজুৱেল বসুমতাৰী , সাধাৰণ সম্পাদক বিজিতগিৰি বসুমতাৰী , সহ সম্পাদক সঞ্জীৱ ব্ৰহ্মই কয় যে বাৰেৰহণীয়া সংস্কৃতি প্ৰদৰ্শন কৰাৰ নামত দলসমুহে যেনেদৰে বড়োসকলৰ লোকনৃত্য- লোকবাদ্য -লোককৃষ্টি ভুলকৈ উপস্থাপন কৰি আছে সেয়া সহ্যৰ সীমা চেৰাই গৈছে।

যি শিল্পীয়ে আনৰ লোককৃষ্টিত সন্মান দিব নাজানে তেওঁ শিল্পীয়ে নহয় বুলি স্পষ্ট মত প্ৰকাশ কৰি সন্থাৰ বিষয়ববীয়াসকলে কয় যে দখনা পিন্ধি ইফাল -সিফাল কৰিলেই সেয়া বাগৰুম্বা নৃত্য নহয় । বহুসময়ত প্ৰতিষ্ঠিত দলৰ দ্বাৰা ইলেকট্ৰনিক মিডিয়াত প্ৰদৰ্শন কৰা বাৰেবৰহীয়া সংস্কৃতি প্ৰদৰ্শনত বড়োৰ লোকনৃত্য- লোকবাদ্য -লোককৃষ্টি ভুলকৈ উপস্থাপন কৰি আহিছে বুলি অভিযোগ কৰে।

বড়োৰ লোকনৃত্য- লোকবাদ্য -লোককৃষ্টি প্ৰদৰ্শন কৰাত বাধা নাই কিন্তু প্ৰদৰ্শন কৰাৰ আগত শিকিবুজি শুদ্ধভাৱে প্ৰদৰ্শন কৰিব লাগিব বুলি মন্তব্য কৰিছে দুলাৰায় বড়ো হাৰিমু আফাটে। ইতিপূৰ্বে তিনিটা দলক থানালৈ অনা হৈছিল আৰু তেওঁলোকে লিখিতভাৱে ক্ষমা খুজিছে বুলি মন্তব্য কৰি দুলাৰায় বড়ো হাৰিমু আফাটে যিসকলে এতিয়াও এনে কাম কৰি আছে তেওঁলোকে চাৰেণ্ডাৰ কৰক বুলি মন্তব্য কৰিছে দুলাৰায় বড়ো হাৰিমু আফাটে ।

উল্লেখ্য যে আজি দুলাৰায় বড়ো হাৰিমু আফাটে বড়ো জনগোষ্ঠীৰ লোকনৃত্য- লোকবাদ্য -লোককৃষ্টি ভুলকৈ উপস্থাপন কৰাৰ বাবে ৰাজ্যৰ যি ১৩ টা লোকবাদ্য-লোককৃষ্টি দলৰ বিৰুদ্ধে এজাহাৰ দাখিল তেওঁলোকৰ নামসমুহ হ'ল ক্ৰমান্বয়ে তেজপুৰৰ তেজপুৰীয়া থেপিয়ান, মৰিগাঁওৰ অপৰ্ণা সাংস্কৃতিক গোষ্ঠী দল , অভয়াপুৰীৰ শুক্লধ্বজ লোকবাদ্য দল, নক্ষত্ৰ , গুৱাহাটীৰ মেজেংকৰি মেঘমল্লাৰ , প্ৰতিধ্বনি , ৰিহা ঠঙালি কৃষ্টি দল , অগ্নিশিখা সাংস্কৃতিক গোষ্ঠী , ৰামধেনু সাংস্কৃতিক গোষ্ঠী , দৰংৰ লুইতপৰীয়া সাংস্কৃতিক গোষ্ঠী , শৰাইঘাট লোককৃষ্টি দল, নান্দনিক অৰ্কেষ্ট্ৰা গ্ৰুপ আৰু ঝংকাৰ সুৰৰ এক মায়াজাল ।

Also Read: ৩৯৭ টা পৰিয়ালক উচ্ছেদঃ অবৈধ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে ধলপুৰত পুনৰ অভিযান...

কোকৰাঝাৰ