/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/KOKRAJHAR-2.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত নয়াছৰা গাঁৱৰ বাসিন্দা তথা শিক্ষক প্ৰাণকৃষ্ণ বৰ্মন আৰু তেওঁৰ পৰিয়ালক ৫ লাখ টকা দাবী কৰি ধন আদায় অবিহনে পৰিয়ালৰ সদস্যক অপহৰণ তথা গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা পত্ৰ প্ৰেৰণ কৰি এটা দুৰ্বৃত্ত আটক হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । মঙ্গলবাৰে মাজনিশা দাবীকৃত ধন লবলৈ লবলৈ অহা দুৰ্বৃত্তজনক আৰক্ষীয়ে সাধাৰণ পোছাকত লুকাই থাকি হাতে লোটে আটক কৰিবলৈ সক্ষম হয় । ধৃত দুৰ্বৃত্তটোক ছালাকাটি আৰক্ষী চকীৰৰ অন্তৰ্গত নয়াছৰা গাঁৱৰ আনিছুৰ হক (২৮)বুলি আৰক্ষীয়ে সদৰি কৰিছে ।
কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে সদৰি কৰা মতে অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে কোকৰাঝাৰ জিলাৰ ছালাকাটি আৰক্ষী চকীৰ অন্তৰ্গত নয়াছৰা গাঁৱৰ বাসিন্দা তথা শিক্ষক প্ৰাণকৃষ্ণ বৰ্মনক যোৱা ৬ ফেব্ৰুৱাৰীত তেওঁৰ ঘৰৰ চোতালতে এখন ধনদাবী পত্ৰ ৰাখি ৫ লাখ টকা দাবী কৰে । দাবীকৃত ধন আদায় অবিহনে বাসুগাঁও চহৰত থকা তেওঁৰ সন্তানক অপহৰণ কৰা হ'ব আৰু যদি বিষয়টো আৰক্ষীক জনোৱা হয় তেনেহলে ঘৰত গৈ পৰিয়ালৰ লোকক গুলীয়াই হত্যা কৰা হ'ব বুলি ধনদাবী পত্ৰত উল্লেখ কৰিছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/LETTER-1.jpeg)
ভাবুকিভৰা ধনদাবী পত্ৰ লাভ কৰাৰ পিছতেই শিক্ষক প্ৰাণকৃষ্ণ বৰ্মন আৰক্ষীৰ কাষ চাপে আৰু আৰক্ষীৰ পৰামৰ্শমতে শিক্ষকজনে ঘৰত গোপনে চিচি কেমেৰা স্থাপন কৰে । ১৪ ফেব্ৰুৱাৰীৰ মাজনিশা পুনৰাই জেকেট পৰিধান কৰা আৰু মুখত মাস্ক পিন্ধা এজন যুৱক শিক্ষক প্ৰাণকৃষ্ণ বৰ্মনৰ বাসগৃহত আন এখন ধনদাবী পত্ৰ দি থৈ যোৱাৰ দৃশ্য চিচি কেমেৰাত বন্দী হয় । ইয়াৰ পিছতেই আৰক্ষীয়ে দুৰ্ষ্কৃতিকাৰীক হাতেলোটে গ্ৰেপ্তাৰ কৰিবলৈ জাল পাতে আৰু সেইমৰ্মে টকা আদায় দিয়াৰ নাটক কৰে ।
ধনদাবীপত্ৰত থকা নিৰ্দেশ অনুসৰি নিৰ্দিষ্ট স্থানত এটা টোপোলা ৰাখে আৰু উক্ত টোপোলাটো ল'বলৈ আহোতেই দুৰ্ষ্কৃতিকাৰী আৰক্ষীৰ জালত পৰে । মঙ্গলবাৰে মাজনিশা আৰক্ষীৰ জালত পৰা দুৰ্ষ্কৃতিকাৰিটোক শিক্ষক প্ৰাণকৃষ্ণ বৰ্মনৰ বাসগৃহৰ ৫০০ মিটাৰ আঁতৰৰ ওচৰ চুবুৰীয়া তথা নয়াছৰা চতুৰ্থ খণ্ডৰ বাসিন্দা মোঃ আব্দুল আজিজৰ পুত্ৰ আনিছুৰ হক (২৮)বুলি আৰক্ষীয়ে সদৰি কৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/KOKRAJHAR--768x1024.jpeg)
ধনদাবী কৰা ঘটনাৰ আঁৰত অইন কোনো চক্ৰ জড়িত হৈ আছে নেকি সেয়া বৰ্তমানলৈকে পোহৰলৈ অহা নাই যদিও দুই সন্তানৰ পিতৃ ধৃত আনিছুৰ হকক অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে । উল্লেখ্য যে ধনদাবী পত্ৰত LB নামৰ এটা অখ্যাত সংগঠনৰ নাম উল্লেখ কৰি হাতে লিখা ধনদাবী কৰা পত্ৰ প্ৰেৰণ কৰিছিল য'ত অসংখ্য বানান ভুল আছিল ।