/asomiyapratidin/media/media_files/2025/03/23/dG0TnvQGzud5pksxHCNV.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত ভূটীয়াপাৰা গাঁৱৰ বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ বিজুলী -ঢেৰেকনিৰ ফলত নষ্ট হোৱাত যোৱা দুদিন ধৰি অন্ধকাৰত বুৰ গৈ আছে ভূটীয়াপাৰা গাঁও।
ট্ৰেন্সফৰ্মাৰ নষ্ট হোৱাৰ বাবেই বিদ্যুত সৰবৰাহ বন্ধ হোৱাত তীব্ৰ অসুবিধাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰী , গৃহিণী আৰু খেতিয়কসকল। এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক স্থানীয় ৰাইজে অৱগত কৰিছে যদিও কোনোধৰণৰ কাৰ্যকাৰী ব্যৱস্থা গ্ৰহণ কৰা নাই ।
ছাত্ৰ-ছাত্ৰী, গৃহিণী, খেতিয়ক তথা অন্যান্য গাঁওৱাসীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অতিশীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক ভূটীয়াপাৰা গাঁৱত নতুন ট্ৰেন্সফৰ্মাৰ স্থাপন কৰিবলৈ দাবী জনাইছে গঞাৰাইজে ।