/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/WhatsApp-Image-2022-03-10-at-12.27.16-AM.jpeg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ: অসম আৰক্ষীৰ প্ৰশিক্ষণৰত উপ-পৰিদৰ্শক মনেশ্বৰ পণ্ডিতৰ মৃত্যু । ছুইমিং পুলৰ সাঁতোৰৰ প্ৰশিক্ষণৰ সময়তে মৃত্যু মনেশ্বৰ পণ্ডিতৰ ।
মেঘালয়ৰ North Eastern Police Academyত উপ-পৰিদৰ্শকৰ প্ৰশিক্ষণত আছিল মনেশ্বৰ পণ্ডিত ।প্ৰশিক্ষণকালিন সময়ছোৱাতে কৰুণ মৃত্যুক আঁকোৱালি লয় মনেশ্বৰ পণ্ডিতে ।
উপ-পৰিদৰ্শকৰ ৫০ তম বেছিক কৰ্চৰ প্ৰশিক্ষণত আছিল মনেশ্বৰ পণ্ডিত। মনেশ্বৰ পণ্ডিতৰ পিতৃও অসম আৰক্ষীত কৰ্মৰত এগৰাকী হাৱিলদাৰ ।
সদ্যহতে ওদালগুৰী জিলাত কৰ্মৰত হৈ আছে মনেশ্বৰ পণ্ডিতৰ পিতৃ ।প্ৰশিক্ষণ অন্ত পৰিবলৈ আৰু মাথো কেইটামান সপ্তাহ হে বাকী আছিল । কোকৰাঝাৰ শান্তিনগৰ নিৱাসী মনেশ্বৰ পণ্ডিতৰ ঘৰত এতিয়া মাথো কান্দোনৰ ৰোল ।