/asomiyapratidin/media/media_files/2025/02/18/2UAtYQ4kDOXGZL4YqjHs.jpg)
কোকৰাঝাৰ.
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ নেলী হত্যাকাণ্ডৰ কলা দিনটোক সোঁৱৰি আজি সন্ধিয়া কোকৰাঝাৰত এবিএমছুৱে মমবাতি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কোকৰাঝাৰ চহৰৰ সমীপত থকা বাগিছা গাওঁৰ ৰাজপথত এবিএমছু'ৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু আঞ্চলিক সমিতিৰ সহযোগত ৰূপায়ণ কৰা হয় এই মমবাতি প্ৰজ্বলন কাৰ্যসূচী ৷
কাৰ্যসূচীত এবিএমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জাইদুল ইছলামে অংশগ্ৰহণ কৰি কয় যে নেলী হত্যাকাণ্ডৰ ৪২ বছৰ অতিক্ৰম কৰাৰ পিছতো কোনো এখন চৰকাৰে হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰিলে ৷ তদুপৰি চৰকাৰে গঠন কৰি দিয়া তিৱাৰী আয়োগৰ প্ৰতিবেদনো ৰাজহুৱা নকৰিলে বুলি আক্ষেপ ব্যক্ত কৰে ৷
কাৰ্যসূচী এবিএমছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক নজৰুল ইছলামে অংশগ্ৰহণ কৰি ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ আজিৰ দিনটোতে নেলীত বেচৰকাৰী হিচাপ অনুযায়ী ১০ হেজাৰকৈ নিৰীহ লোক হত্যাৰ বলি হোৱাৰ পিছতো চৰকাৰে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি কয় ৷
আজিৰ কাৰ্যসূচীত এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মইনুদদ্দিন আলি, কেন্দ্ৰীয় নেতা আতাউৰ ৰহমান, কোকৰাঝাৰ জিলা সাধাৰণ সম্পাদক দিলোৱাৰ আলি ,কাৰ্যকৰী সভাপতি মনিৰুজ্জামান, উপসভাপতি ক্ৰমে- ছামিদুল মণ্ডল আৰু সহিদুল সেখৰ উপৰিও এবিএমছুৰ শতাধিক সদস্যই অংশ লয় ৷