ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ৰাজহুৱা স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি উন্নীতকৰণ আৰু গুণগত মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে আৰম্ভ কৰা স্বাস্থ্য সেৱা উৎসৱ- ৩ এইবেলি অহা ৩ , ৪ আৰু ৫ ডিচেম্বৰত ৰাজ্যজুৰি অনুষ্ঠিত হ'ব ।
আজি এই সন্দৰ্ভত কোকৰাঝাৰ জিলা আয়ুক্ত মাছন্দা পাৰ্টিনে নিজ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক সংবাদমেলত কয় যে কোকৰাঝাৰ জিলাতো এইবেলি স্বাস্থ্য সেৱা উৎসৱ-৩ ত জিলাখনৰ ৫৬ খন চিকিৎসালয় / স্বাস্থ্য কেন্দ্ৰক সামৰি লোৱা হ'ব আৰু উক্ত চিকিৎসালয় / স্বাস্থ্য কেন্দ্ৰৰ মান নিৰূপন কৰা হ'ব ।
প্ৰথমদিনা আন্ত:মূল্যায়ন কৰা হ'ব আৰু দ্বিতীয় দিনা বাহ্যিক মূল্যায়ন নিৰীক্ষকে কৰিব বুলি মন্তব্য কৰে জিলা আয়ুক্ত মাছন্দা পাৰ্টিনে । স্বাস্থ্য সেৱা উৎসৱ- ৩ ত এ , বি আৰু চি এই তিনিটা গ্ৰেড আছে আৰু কোকৰাঝাৰ জিলাই সামগ্ৰিকভাৱে " এ " গ্ৰেড লাভ কৰিব বুলি আশা প্ৰকাশ কৰি জিলা আয়ুক্তই অসম চৰকাৰৰ পদক্ষেপক প্ৰশংসা কৰিছে ।
উল্লেখ্য যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া স্বাস্থ্য সেৱা উৎসৱ-৩ ত এইবাৰ সকলোতকৈ বেছি সংখ্যক এ গ্ৰেড প্ৰাপ্ত জিলাক ৫ লাখ, শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী জিলা চিকিৎসালক ৫ লাখ , শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী সামুহিক স্বাস্থ্য কেন্দ্ৰ আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক ৩ লাখকৈ পুৰষ্কাৰ দিব অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ।
প্ৰণিধানযোগ্য যে দেশৰ ভিতৰতে পোণ প্ৰথমবাৰৰ বাবে অসমত আৰম্ভ হোৱা স্বাস্থ্য সেৱা উৎসৱৰ যোগেদি চিকিৎসালয় বা স্বাস্থ্য সেৱা কেন্দ্ৰসমূহে ৰাইজক প্ৰদান কৰি থকা স্বাস্থ্য সেৱাৰ মানদণ্ডৰ লগতে প্ৰতিষ্ঠানটোৰ আন্তঃগাঁথনিৰ বিষয়ে পুংখানুপুংখভাৱে তথ্য লৈ মুল্যায়ন কৰে। বিদ্যালয়ৰ গুণোৎসৱৰ লেখিয়াকৈ স্বাস্থ্য সেৱা উৎসৱতো আন্ত:মূল্যায়ন আৰু বাহ্যিক মূল্যায়নৰ যোগেদি চিকিৎসালয়সমুহে গ্ৰেড লাভ কৰে ।