কোকৰাঝাৰৰ তিনি শ্ৰেষ্ঠ কৃষকলৈ জিলা কৃষি বিভাগৰ সন্মান…

কোকৰাঝাৰৰ তিনি শ্ৰেষ্ঠ কৃষকলৈ জিলা কৃষি বিভাগৰ সন্মান…

author-image
asomiyapratidin
New Update
কোকৰাঝাৰৰ তিনি শ্ৰেষ্ঠ কৃষকলৈ জিলা কৃষি বিভাগৰ সন্মান…

ডিজিটেল সংবাদ,কোকৰাঝাৰ: কোকৰাঝাৰ জিলাৰ ৩ গৰাকী শ্ৰেষ্ঠ কৃষকক পুৰষ্কাৰ প্ৰদান কৰে জিলা কৃষি বিভাগে। কোকৰাঝাৰ জিলাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকা মহোদয়া, বিটিআৰৰ কৃষি সঞ্চালক বিনোদ বসুমতাৰীৰ লগতে আন আন বিভাগীয় বিষয়াৰ উপস্থিতিত পুৰষ্কাৰ প্ৰদান কৰা হয় ৩ গৰাকী কৃষকক।

Advertisment

যিহেতু এখন দেশ অথবা ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত কৃষি খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়ে বৰ্তমান সময়ত কৃষি খণ্ডৰ ওপৰত চৰকাৰেও বিশেষ গুৰুত্ব আৰোপ কৰা দেখিবলৈ পোৱা গৈছে। কৃষি খণ্ডৰ বাবে ভিন্ন অভিলাষী আঁচনি প্ৰস্তুত কৰি সেই সমূহৰ সফল ৰূপায়নৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে কৃষি বিভাগে।সমান্তৰালকৈ যিসকল কৃষকে এই আঁচনিমূহৰ সুবিধা গ্ৰহণ কৰি নিজকে একোগৰাকী সফল খেতিয়ক ৰূপে সমাজত চিনাকী দিবলৈ সক্ষম হৈছে তেওঁলোকক সন্মানিত কৰাৰ বাবেও চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

দেশে স্বাধীনতাৰ ৭৬ বছৰ অতিক্ৰম কৰা এই গৌৰৱ উজ্জ্বল সময়ছোৱাতে কোকৰাঝাৰ জিলাৰ তিনি গৰাকী শ্ৰেষ্ঠ কৃষকক পুৰস্কৃত কৰে। কৃষি বিভাগৰ পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে জৈৱিক পদ্ধতিৰে ৩০০ বিঘা মাটিত শাক-পাচলিৰ লগতে ২০ বিঘা ভূমিত ধান খেতি কৰা আওঝাৰগুৰিৰ কৃষক লিলেন্দ্ৰ বসুমতাৰীৰ লগতে পলিহাউচৰ ব্যৱহাৰ কৰি আৱতৰীয়া পাচলিৰ লগতে জহা চাউল আৰু ষ্ট্ৰবেৰিৰ উৎপাদন কৰা হগমাবিলৰ কৃষি কৰ্মী সুপ্ৰীয়া বসুমতাৰী আৰু ২০ ভূমিত পাচলিৰ খেতি লগতে পলিহাউচৰ ব্যৱহাৰ কৰি আৱতৰীয়া পাচলি উৎপাদন কৰা ঝামৰিঝৰাৰ কৃষক ৰুদ্ৰসিং মুচাহাৰী।

উল্লেখ্য যে প্ৰথমগৰাকী শ্ৰেষ্ঠ কৃষক লিলেন্দ্ৰ বসুমতাৰীক এখন পাৱাৰ টিলাৰৰ লগতে এখন মান পত্ৰ, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ দুয়োগৰাকী কৃষক ক্ৰমে সুপ্ৰীয়া বসুমতাৰী আৰু ৰুদ্ৰসিং মুচাহাৰীক একোটা পালভেৰাইজাৰৰ লগতে একোখন মানপত্ৰৰে সৈতে পুৰস্কৃত কৰা হয়।

আৰু পঢ়ক:স্বাধীনতাৰ ৭৫ বছৰ পাছতো ভাৰত বহু পিছপৰি ৰৈছে, ভাৰতক ১নম্বৰ ৰাষ্ট্ৰ বনামেই: কেজৰিবাল

assam kokrajhar