জাতিৰ পৰিচয় হেৰুৱাই আমাক আইএএচ বা এচিএচ বিষয়া নালাগে : বড়ো সাহিত্য সভা…

জাতিৰ পৰিচয় হেৰুৱাই আমাক আইএএচ বা এচিএচ বিষয়া নালাগে : বড়ো সাহিত্য সভা…

author-image
asomiyapratidin
New Update
জাতিৰ পৰিচয় হেৰুৱাই আমাক আইএএচ বা এচিএচ বিষয়া নালাগে : বড়ো সাহিত্য সভা…

ডিজিটেল সংবাদ,কোকৰাঝাৰ:মাতৃভাষা মাধ্যমত তৃতীয় শ্ৰেণীৰ পৰাই অংক আৰু বিজ্ঞান বিষয়টো ইংৰাজীত পঢ়ুওৱাৰ সিদ্ধান্ত আৰু বিটিআৰ চুক্তিৰ ৬.৩ দফা ৰূপায়নৰ সন্দৰ্ভত বৃহস্পতিবাৰে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বড়ো সাহিত্য সভাৰ উদ্যোগত এক মতবিনিময় সভা অনুষ্ঠিত হয়।বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই সভাপতিত্ব কৰা উক্ত বৈঠকখনত বড়ো সাহিত্য সভাৰ সাধাৰন সম্পাদক প্ৰশান্ত বড়ো , এবছুৰ সভাপতি দ্বীপেন বড়ো , সাধাৰন সম্পাদক খনীন্দ্ৰ বসুমতাৰী প্ৰমুখ্যে বহু সংখ্যক বুদ্ধিজীৱি ,চিন্তাবিদ, নাগৰিক উপস্থিত থাকে ৷

Advertisment

বড়ো সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত বড়োৱে চৰকাৰে মাতৃভাষা মাধ্যমৰ ক্ষেত্ৰত ৫০/৫০ ধাৰণাটো ক'ৰ পৰা আনিলে বুলি প্ৰশ্ন উত্থাপন কৰি পূৰ্বতে বড়োসকলে ডিভাইড আছাম ৫০/৫০ বুলি শ্লোগান দিছিল। সেয়া অনুসৰণ কৰিয়ে অসমীয়া/ বড়ো মাধ্যমত আধা ইংৰাজী , আধা অসমীয়া বা বড়ো অৰ্থাৎ ৫০/৫০ কৰিব বিচাৰিছে নেকি বুলি তীৰ্যকভাৱে মন্তব্য কৰে। অসমীয়া জাতি জীয়াই থাকিবলৈ হ'লে ভাষা লাগিব আৰু বড়ো জাতি জীয়াই থাকিবলৈ হ'লেও ভাষা লাগিব বুলি মন্তব্য কৰি ভাষা আৰু জাতিৰ পৰিচয় হেৰুৱাই আমাক আইএএচ বা এচিএচ বিষয়া নালাগে বুলি মন্তব্য কৰিছে প্ৰশান্ত বড়োৱে। আজিৰ আলোচনাত বুদ্ধিজীৱি , চিন্তাবিদসকলে দিয়া পৰামৰ্শ চৰকাৰক অৱগত কৰোৱা হ'ব আৰু চৰকাৰে সেয়া মানি নললে প্ৰতিবাদ সাৱস্থ্য কৰা হব বুলি সদৰি কৰিছে বড়ো সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত বড়োৱে ।

ইপিনে এবছুৰ সভাপতি দ্বীপেন বড়োৱে অসম চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰি এই কাৰ্য মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়ে । অহা ৬ আগষ্টত বিষয়টোক লৈ ১৬ টা শিক্ষক সংগঠনেৰে গুৱাহাটীৰ হোটেল প্ৰাগ কণ্টিনেণ্টেলত এক বৈঠকৰ আয়োজন কৰা হৈছে বুলি সদৰি কৰে । ইংৰাজীত পঢ়ুওৱাৰ সিদ্ধান্তটো চৰকাৰে বাতিল কৰাৰ দাবী উত্থাপন কৰি বলপূৰ্বক ইংৰাজী ভাষা জাপি দিব নালাগে বুলি মন্তব্য কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে ভাষাক লৈ ভাষা আন্দোলন হ'ল , মাধ্যমক লৈ মাধ্যম আন্দোলন হ'ল , শ্বহীদ হ'ল আৰু তাৰপিছত চৰকাৰৰ এনে সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ'ব বুলি মন্তব্য কৰিছে ।

এফালে মেডিকেল,ইঞ্জিনিয়াৰিঙত অসমীয়াত পঢ়ুওৱাৰ বাবে অভিধান ৰচনাৰ দায়িত্ব আৰু আনহাতে প্ৰাক প্ৰাথমিকৰ পৰা বিজ্ঞান আৰু অংকৰ দৰে টান বিষয় ইংৰাজীত পঢ়ুৱাব বিচৰা কাৰ্য খাপ নাখায় বুলি মন্তব্য কৰি ইয়াৰ পৰিৱৰ্তে মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ আন্তগাঁথনি উন্নত কৰা , শিক্ষক নিযুক্তি দিয়া , বিদ্যালয়ত ইংৰাজী বিষয়টো ভালদৰে পঢ়াবলৈ শিক্ষক নিযুক্তি দিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে । আনহাতে বিটিআৰ চুক্তিৰ ৬.৩ দফা চৰকাৰে ৰূপায়ন কৰিবই লাগিব আৰু এইক্ষেত্ৰত এবছুৱে কোনোধৰণৰ " কম্প্ৰমাইজ " নকৰে বুলি স্পষ্ট কৰি দিয়ে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ।

আৰু পঢ়ক:অভিনেতা ৰূপত সাংবাদিক,মঞ্চস্থ হ'ব নাটক 'জোঙালবলহু'…

assam kokrajhar