/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/KOKRAJHAR.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰ:কোকৰাঝাৰ জিলাৰ বালাজান আৰক্ষীয়ে বুধবাৰে পুৱা চোৰাং গৰু সহিতে দুজনক আটক কৰিবলৈ সক্ষম হৈছে । দহটা গৰুসহ আটক হোৱা চোৰাং বেপাৰী দুটা কাউনিয়াভাষাৰ হাবিবুৰ আলি মণ্ডল আৰু হৰিনাগুৰীৰ দালু মাৰ্ডী।
প্ৰাপ্ত তথ্য মতে,কাউনিয়াভাষাৰ হাবিবুৰ আলিয়ে দীৰ্ঘদিনৰ পৰা গৰুৰ চোৰাং ব্যৱসায় কৰি আহিছিল । বুধবাৰে পুৱা দালু মাৰ্ডী সহিতে আন দুজনে চোৰাং গৰু দহটা দুৰামাৰী – জাউলিয়াপাৰা দিশৰ পৰা খোজকঢ়াই লৈ আহোতে বালাজান তিনালী- হল্টুগাওঁ পথৰ উচ্চামাটিত আৰক্ষীয়ে দালু মাৰ্ডীক আটক কৰাৰ লগতে আন দহটা গৰু জব্দ কৰে । আৰক্ষী দেখি দালু মাৰ্ডীৰ সতে থকা আন দুজন লোক পলাই সাৰে । ইফালে মুল অভিযুক্ত হাবিবুৰ আলি মণ্ডল মটৰচাইকেলেৰে পৰ্যবেক্ষণৰ বাবে আহোতে আৰক্ষীয়ে হাবিবুৰক গ্ৰেপ্তাৰ কৰে আৰু মটৰচাইকেলখনো জব্দ কৰে ।
সম্প্ৰতি জব্দকৃত দহটা গৰু বালাজান আৰক্ষী চকী চৌহদত বান্ধি ৰখা হৈছে আৰু আটকাধীন হাবিবুৰ আলি মণ্ডল আৰু দালু মাৰ্ডী আৰক্ষীৰ জিন্মাত আছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৩৪৭/২০২২ নম্বৰত এক গোচৰ ৰজু কৰিছে ।
আৰু পঢ়ক:কোন দিশে চৰকাৰী শিক্ষা ব্যৱস্থা,এজনীয়া শিক্ষকেৰে চলিছে ২১ খন প্ৰাথমিক বিদ্যালয়…