সদৌ বিটিএডি নাথ যোগী সন্মিলনীৰ প্ৰাক্তন সভাপতি পিয়লি ফুকন নাথৰ মৃত্যু

সদৌ বিটিএডি নাথ যোগী সন্মিলনীৰ প্ৰাক্তন সভাপতি পিয়লি ফুকন নাথৰ মৃত্যু

author-image
asomiyapratidin
New Update
সদৌ বিটিএডি নাথ যোগী সন্মিলনীৰ প্ৰাক্তন সভাপতি পিয়লি ফুকন নাথৰ মৃত্যু

ডিজিটেল সংবাদ, কোকৰাঝাৰ: সদৌ বিটিএডি নাথ যোগী সন্মিলনীৰ প্ৰাক্তন সভাপতি , বিটিচিৰ চেণ্ট্ৰেল চিলেকচন বৰ্ডৰ প্ৰাক্তন সদস্য তথা নাথ যোগী সম্প্ৰদায়ৰ এগৰাকী নেতা পিয়লি ফুকন নাথে(৬০) দেওবাৰে ইহলীলা সম্বৰণ কৰে ।

Advertisment

দীৰ্ঘদিনৰ পৰা জটিল ৰোগত ভূগি থকা পিয়লি ফুকন নাথে বালাজান তিনালীৰ বাসগৃহতে আজি শেষ নিশ্বাস ত্যাগ কৰাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে । নাথৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অজস্ৰ গুণমুগ্ধই মৃতকৰ ঘৰত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।

সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথ , বিটিএডি নাথ যোগী সন্মিলনীৰ উপ সভাপতি প্ৰদীপ নাথ , বালাজান তিনালী বজাৰ উন্নয়ন সমিতিৰ সভাপতি শুকুৰাম দৈমাৰী , বালাজান তিনালী ব্যৱসায়ী সন্থাৰ সভাপতি ধনঞ্জয় নাথ , সম্পাদক দৰবিন্দ্ৰ বসুমতাৰী , বিপিএফ ,ইউপিপিএলৰ স্থানীয় নেতা -কৰ্মী আদিকে ধৰি বিভিন্ন দল সংগঠনৰ নেৰ্তৃবৰ্গই প্ৰয়াত নাথৰ বাসগৃহত উপস্থিত হৈ মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধা নিৱেদন কৰে ।

ইফালে বালাজান তিনালী বজাৰ উন্নয়ন সমিতিয়ে কাইলৈ অৰ্থাৎ ১৪ মাৰ্চৰ ৰাতিপুৱা ৬ :০০ বজাৰ পৰা ১২:০০ বজালৈ পিয়লি ফুকন নাথৰ মৃত্যুত শোক প্ৰকাশ কৰি ৬ ঘণ্টীয়া বালাজান তিনালী বন্ধৰ আহ্বান জনাইছে ।
উল্লেখ্য যে বড়ো আন্দোলনৰ সময়ছোৱাত গঠিত হোৱা কো-অৰ্ডিনেচন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট নামৰ সংগঠনটোত পিয়লি ফুকন নাথ এগৰাকী আহ্বায়ক হিচাপে বড়ো আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল।

প্ৰয়াত নাথ বিপিএফ দলৰ এগৰাকী কাৰ্যকাৰী সদস্য আছিল । অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সতে ওতপ্ৰোতভাৱে জড়িত থকা পিয়লি ফুকন নাথৰ মৃত্যুত বিপিএফৰ কোকৰাঝাৰ জিলা কমিটিৰ সভাপতি দেৰহাছাৎ বসুমতাৰীয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । প্ৰয়াত নাথে মৃত্যুৰ পূৰ্বে দুগৰাকী ঘৈণীয়েক , এগৰাকী কন্যা আৰু এগৰাকী সন্তান ইহজগতত এৰি থৈ গৈছে ।

assam kokrajhar