ঘোৰ কলি কালত সকলো সম্ভৱ! কোকৰাঝাৰত বন্ধুৱে হত্যা কৰিলে বন্ধুক...

ঘোৰ কলি কালত সকলো সম্ভৱ! কোকৰাঝাৰত বন্ধুৱে হত্যা কৰিলে বন্ধুক...

author-image
Asomiya Pratidin
New Update
ঘোৰ কলি কালত সকলো সম্ভৱ! কোকৰাঝাৰত বন্ধুৱে হত্যা কৰিলে বন্ধুক...

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কলি কালত হয়তো সকলো সম্ভৱ। কেতিয়াবা যদি পিতৃয়ে পুত্ৰক হত্যা কৰিছে, কেতিয়াবা আকৌ পুত্ৰই হত্যা কৰিছে পিতৃ-মাতৃক। এনে ঘটনাবোৰৰ মাজতে কোকৰাঝাৰত শেহতীয়াকৈ সংঘটিত হল এক ভয়ংকৰ ঘটনা। বন্ধুয়ে হত্যা কৰিলে বন্ধুক।

প্ৰাপ্ত খবৰ অনুসৰি,  বগা বসুমতাৰী ওৰফে স্বকীয় (২০) নামৰ যুৱক জনে হত্যা কৰিলে নিজৰে বন্ধু দেৰহাছাৎ বসুমতাৰীক ।  এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে কোকৰাঝাৰ জিলাৰ বালাজান উপ আৰক্ষী চকীৰ অন্তৰ্গত নিউ আমগুৰী গাঁৱত ।

চোকা অস্ত্ৰৰে ডিঙিত হানি খুচি হত্যা কৰিলে দেৰহাছাৎ বসুমতাৰীক । দুয়োজনৰ মাজত আৰ্থিক লেনদেন লৈ কাজিয়াৰ সুত্ৰপাত হৈছিল। জানিব পৰা মতে,   সুৰাসক্ত আছিল হত্যাকাৰী বগা বসুমতাৰী।

ৰবিবাৰে মাজনিশা উক্ত ভয়ংকৰ কাণ্ড সংঘটিত হোৱাৰ পাছতে হত্যাকাৰী বগা ওৰফে স্বকীয় বসুমতাৰীক আটক কৰে কোকৰাঝাৰ আৰক্ষীয়ে।  আমগুৰীৰ একেখন গাঁৱৰে বাসিন্দা বগা ওৰফে স্বকীয় বসুমতাৰী আৰু দেৰহাছাৎ বসুমতাৰী।

ঘটনাক লৈ বৰ্তমানেও অব্যাহত আছে চাঞ্চল্যৰ । মদ্যপানৰ পৰিণতিতে উক্ত ঘটনা সংঘটিত হোৱাৰ সন্দেহ । আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

কোকৰাঝাৰ