/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/crime.jpg)
ডিজিটেল ডেস্কঃ কোকৰাঝাৰৰ শান্তি নগৰত চাঞ্চল্যকৰ হত্যাকাণ্ড। দেওবাৰে নিশা দুৰ্বৃত্তই হানি-খুঁচি হত্যা কৰে এজন গৃহৰক্ষী জোৱানক।
নিহত লোকজন চিৰাং জিলাৰ গুৰুভাষা ৰাবনঘাট গাঁৱৰ বাসুদেৱ কিস্কু বুলি চিনাক্ত হৈছে।বাসুদেৱ কিস্কু চিৰাঙৰ বেংতল আৰক্ষী চকীত কৰ্মৰত আছিল।
বাসুদেৱ কিস্কুক ফোন কৰি মাতি আনি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। কোকৰাঝাৰৰ আমগুৰিৰ দাব্লে গাঁৱত হত্যা কৰাৰ অভিযোগ।
পৰিয়াল তথা স্থানীয় ৰাইজৰ মতে এয়া পৰিকল্পিত হত্যাকাণ্ড। এই হত্যাকাণ্ডত জড়িত অভিযুক্তক উচিত শাস্তিৰ দাবী পৰিয়াল তথা ৰাইজৰ। ২৪ ঘণ্টাৰ ভিতৰত অভিযুক্তক কৰায়ত্ত কৰি শাস্তি প্রদানৰ দাবী। অন্যথা গণতান্ত্রিক আন্দোলনৰ হুংকাৰ আদিবাসী ছাত্র সন্থাৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
Also Read: আজি বিশ্ব ৰেঞ্জাৰ দিৱস
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us