আজি বিশ্ব ৰেঞ্জাৰ দিৱস

বন সুৰক্ষাৰ কৰ্তব্যত নিহত বা আহত লোক সকলক শ্ৰদ্ধা নিবেদন কৰাৰ বাবে ৩১ জুলাই দিনটো সমগ্ৰ বিশ্বত ৰেঞ্জাৰ দিৱস হিচাপে পালন কৰি অহা হৈছে ৷

author-image
Asomiya Pratidin
New Update
আজি বিশ্ব ৰেঞ্জাৰ দিৱস

ডিজিটেল সংবাদ, কাজিৰঙাঃ আজি বিশ্ব ৰেঞ্জাৰ দিৱস ৷বন আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে আত্ম নিয়োগ কৰা লোক সকলৰ লগতে বন সুৰক্ষাৰ কৰ্তব্যত নিহত বা আহত লোক সকলক শ্ৰদ্ধা নিবেদন কৰাৰ বাবে ৩১ জুলাই দিনটো সমগ্ৰ বিশ্বত ৰেঞ্জাৰ দিৱস হিচাপে পালন কৰি অহা হৈছে ৷

Advertisment

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত যুৱ শক্তিৰে অধিক শক্তিমান কাজিৰঙাৰ ৰেঞ্জাৰ ৷ উদ্যানখনৰ পাঁচখন বনাঞ্চলত নিয়োজিত পাঁচজন যুৱ ৰেঞ্জ অফিচাৰ। যিসকলৰ নেতৃত্বত অধিক সুৰক্ষিত হৈ আছে কাজিৰঙা ৷ ইয়াৰোপৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি ,বোকাখাত,কহঁৰা,বাগৰি, বুঢ়াপাহাৰ বনাঞ্চলৰ লগতে উত্তৰ পাৰ বনাঞ্চলতো বন সুৰক্ষাৰ বাবে অতন্দ্ৰ প্ৰহৰী স্বৰূপে দিনে নিশাই কৰ্তব্য পালন কৰি আহিছে বনকৰ্মী সকলে ৷

পৰিয়াল আত্মীয়স্বজনৰ পৰা নিলগত থাকি ৰাষ্ট্ৰীয় উদ্যানখনৰ বাহিৰে ভিতৰে কৰ্তব্য পালন কৰি অহা বনকৰ্মী সকলৰ আছে দুৰ্দান্ত সাহস আৰু মনোবল ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ বাবে বিভাগীয় বনকৰ্মীৰ লগতে কৰ্তব্য পালন কৰি আহিছে বিশেষ গঁড় সুৰক্ষা বাহিনী,বন সুৰক্ষা বাহিনীৰ জোৱান সকলে ৷ এইক্ষেত্ৰত মহিলা জোৱানসকলেও দিনে নিশাই কৰ্ত্যব্যত নিয়োজিত হৈ বন্যপ্ৰাণী সুৰক্ষাৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে ৷

Also Read: আৰপিএফ জোৱানৰ গুলীত নিহত ৩ ৰে'ল যাত্ৰীসহ এজন আৰক্ষী বিষয়া

world ranger day