বড়ো মাধ্যমৰ সমস্যা সমাধানৰ দাবী বিধায়ক লৰেঞ্চ ইছলাৰীৰ...

বিধায়ক লৰেঞ্চ ইছলাৰীয়ে বড়ো মাধ্যমৰ পাঠ্যক্ৰমক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে উন্নীতকৰণ কৰাত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে

author-image
Asomiya Pratidin
New Update
বড়ো মাধ্যমৰ সমস্যা সমাধানৰ দাবী বিধায়ক লৰেঞ্চ ইছলাৰীৰ...

ডিজিটেল সংবাদ, কোকৰাঝৰ : অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ সদনৰ মজিয়াত ৩০ নং কোকৰাঝাৰ পূব বিধানসভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে বড়ো মাধ্যমৰ পাঠ্যক্ৰমক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে উন্নীতকৰণ কৰাত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ।

Advertisment

সদনৰ মজিয়াত বিধায়ক লৰেঞ্চ ইছলাৰীয়ে কয় যে ১৯৬৩ চনৰ পৰা অসমত বড়ো মাধ্যম প্ৰৱৰ্তন হোৱাৰ পিছত বিভিন্ন ঘাত -প্ৰতিঘাতেৰে আজিৰ অৱস্থা পাইছে । পাঠ্যপুথিৰ বাবে আন্দোলন, শিক্ষকৰ বাবে আন্দোলন কৰি ছাত্ৰ -ছাত্ৰীসকলে বড়ো মাধ্যমৰ পাঠ্যপুথিৰ অভাৱত অসমীয়া মাধ্যমৰ পাঠ্যপুথি পঢ়ি পৰীক্ষা দিব লগা হৈছে বুলি মন্তব্য কৰি বড়ো মাধ্যমৰ বিভিন্ন সমস্যাৰ বিষয়ে উনুকিয়াই দিয়ে লৰেঞ্চ ইছলাৰীয়ে।

অৱশ্যে বড়ো মাধ্যমৰ পাঠ্যক্ৰমক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে উন্নীতকৰণ কৰাত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে কয় যে অহা শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ'বলগীয়া বড়ো মাধ্যমৰ পাঠ্যক্ৰমৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ বেমেজালিৰ সৃষ্টি নহয় তাৰ বাবে চৰকাৰে গুৰুত্ব দিয়া উচিত।

তদুপৰি বিটিআৰ চুক্তিৰ ৬.৩ দফা অনুসৰি বিদ্যালয় প্ৰাদেশীকৰণৰ সন্দৰ্ভত চৰকাৰে লোৱা সিদ্ধান্তক আদৰণি জনায়। ইয়াৰোপৰি মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰাই অংক আৰু বিজ্ঞান বিষয়টো ইংৰাজীত পঢ়ুৱাব খোজাক লৈ হোৱা ভুল বুজাবুজি দূৰ কৰিবলৈ সাহিত্য সভা আৰু ছাত্ৰ সংগঠনসমূহৰ সৈতে আলোচনাৰ পোষকতা কৰিছে ৩০ নং কোকৰাঝাৰ পূব বিধানসভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে।

assam mla kokrajhar guwahati