বড়ো সাহিত্য সভা , এবছুৰ আৰু বিটিচি চৰকাৰৰ বৈঠক, তৃতীয় শ্ৰেণীৰ পৰাৰ গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী কৰাৰ বিৰোধিতা…

বড়ো সাহিত্য সভা , এবছুৰ আৰু বিটিচি চৰকাৰৰ বৈঠক, তৃতীয় শ্ৰেণীৰ পৰাৰ গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী কৰাৰ বিৰোধিতা…

author-image
asomiyapratidin
New Update
বড়ো সাহিত্য সভা , এবছুৰ আৰু বিটিচি চৰকাৰৰ বৈঠক, তৃতীয় শ্ৰেণীৰ পৰাৰ গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী কৰাৰ বিৰোধিতা…

ডিজিটেল সংবাদ, কোকৰাঝাৰ:– কোকৰাঝাৰ বডোফা নগৰস্থিত বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত বুধবাৰে বড়ো সাহিত্য সভা , এবছু আৰু বিটিচি চৰকাৰৰ মাজত এক সৌহাদ্যপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । উক্ত বৈঠকত বিটিআৰ চুক্তিৰ ৬.৩ দফাৰ অধীনত বিদ্যালয় প্ৰাদেশীকৰণ কৰাৰ উপৰিও টেট অনুষ্ঠিত কৰা , বিদ্যালয় একত্ৰিকৰণ কৰা আৰু তৃতীয় শ্ৰেণীৰ পৰাৰ গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী কৰা বিষয়ক লৈ আলোচনা কৰা হয় ।

Advertisment

বড়ো সাহিত্য সভাৰ প্ৰতিনিধি , এবছুৰ প্ৰতিনিধি, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আৰু বিভাগীয় উচ্চ পদস্থ বিষয়া সকলৰ উপস্থিতিত উক্ত বৈঠক সম্পন্ন হয় । বৈঠকৰ অন্তত বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো আৰু সম্পাদক প্ৰশান্ত বড়োই এক সংবাদমেলত তৃতীয় শ্ৰেণীৰ পৰাৰ গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী কৰাৰ বিৰোধিতা কৰে ।

জাতি হিচাপে জীয়াই থাকিবলৈ হলে ভাষা লাগিব আৰু ভাষা জীয়াই থাকিব লাগিলে মাতৃভাষা মাধ্যম লাগিবই বুলি মন্তব্য কৰি মাতৃভাষা মাধ্যমত গুণগত শিক্ষা দিয়াৰ সলনি ইংৰাজী কৰিব বিচৰা কাৰ্যৰ ঘোৰ বিৰোধিতা কৰে । গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী কৰিলে ৫০ শতাংশ ইংৰাজীলৈ গ'ল বুলি মন্তব্য কৰি তৃতীয় ভাষা হিচাপে আকৌ হিন্দী থকাত ছাত্ৰ -ছাত্ৰীয়ে অকল মাতৃভাষা বিষয়টো আৰু সমাজ বিজ্ঞান বিষয়টো হে মাতৃভাষাত পঢ়িবলৈ পাব ।

অৰ্থাৎ এজন শিক্ষাৰ্থীয়ে বিদ্যালয়ত ইংৰাজী , গণিত আৰু বিজ্ঞান বিষয় তিনিটা ইংৰাজীত পঢ়িব , হিন্দী এটা বিষয় থাকিব আৰু অকল নিজৰ মাতৃভাষা বড়ো বা অসমীয়া আৰু সমাজবিজ্ঞান হে নিজ মাতৃভাষাত পঢ়িব । এনেকুৱা হ'লে বড়ো মাধ্যম বা অসমীয়া মাধ্যম তথা মাতৃভাষা মাধ্যমৰ শিক্ষা ব্যৱস্থা কিছুদিনৰ ভিতৰতে ধ্বংস হৈ যাব আৰু যিটো কেতিয়াও মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়ে বড়ো সাহিত্য সভাই ।

আনহাতে বিটিআৰ চুক্তিৰ ৬.৩ দফাৰ অধীনত বিদ্যালয় প্ৰাদেশীকৰণ বিষয়টো আজি বৈঠকত গুৰুত্বসহকাৰে আলোচনা কৰা হয় । তদুপৰি যিসমুহ উচ্চমাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিকলৈ উন্নীত হ'ব তাৰ তালিকা অতি সোনকালে অসম চৰকাৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

ইপিনে বৈঠকত উপস্থিত থকা প্ৰমোদ বড়োৱে সংবাদমাধ্যমৰ আগত কয় যে মাতৃভাষা মাধ্যমৰ ক্ষতিসাধন হ'ব নালাগে আৰু আজিৰ বৈঠকৰ সিদ্ধান্তসমুহ অসম চৰকাৰক জনাই দিয়া হ'ব বুলি সদৰি কৰে । তৃতীয় শ্ৰেণীৰ পৰাই গণিত আৰু বিজ্ঞান বিষয়দুটা কি কাৰণত ইংৰাজী কৰা হব বা তাৰ যুক্তিযুক্ততা কিমান তাৰ বাবেও চৰকাৰৰ স'তে আলোচনাত বহিব বুলি সদৰি কৰিছে প্ৰমোদ বড়োই ।

মাতৃভাষা মাধ্যম জীয়াই ৰখাৰ পক্ষত থিয় দি প্ৰমোদ বড়োই প্ৰতিযোগীতামুলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদানৰ প্ৰাসংগিকতাৰ কথা ব্যক্ত কৰিছে । তদুপৰি টেট অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যাৱতীয় প্ৰচেষ্ঠা গ্ৰহণ কৰা হৈছে আৰু বিটিআৰত যথেষ্ট খালী পদ আছে বুলি সদৰি কৰে । উল্লেখ্য যে আজিৰ বৈঠকত এবছুৰ সভাপতি দ্বীপেন বড়ো , সম্পাদক খনীন্দ্ৰ বসুমতাৰী , কাৰ্যবাহী সদস্য গৌতম দাস , বিভাগীয় উচ্চপদস্থ্য বিষয়াসকল উপস্থিত আছিল ।

আৰু পঢ়ক: ছাত্ৰী ধৰ্ষণ-হত্যাকাণ্ড! দোষীক ফাঁচী দিয়াৰ দাবীত উত্তাল লামডিং, আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত হতাহতি

assam kokrajhar btc