ছাগলী দুৰ্ঘটনাক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া বাহন আক্ৰমণ…

ছাগলী দুৰ্ঘটনাক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া বাহন আক্ৰমণ…

author-image
asomiyapratidin
New Update
ছাগলী দুৰ্ঘটনাক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া বাহন আক্ৰমণ…

ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰ জিলাৰ ছালাকাটি নয়াচৰা পথত শুকুৰবাৰে এক ভয়ংকৰ ঘটনা সংঘটিত হয়। অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে স্কুল বাচত শিলগুটি নিক্ষেপ কৰে যদিও কণ কণ ছাত্ৰী ছাত্ৰীসকল বৃহৎ অঘটনৰ পৰা কথমপি ৰক্ষা পৰে। স্কুলবাচত শিলগুটি নিক্ষেপ কৰাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে এটা দুৰ্ষ্কৃতিকাৰীক কৰায়ত্ব কৰিছে যদিও আন দুটা দুৰ্ষ্কৃতিকাৰী এতিয়াও পলাতক অৱস্থাত আছে ।

Advertisment

প্ৰাপ্ত বাতৰি মতে কোকৰাঝাৰ জিলাৰ বাসুগাঁও গুৰুকুল বিদ্যালয়ৰ স্কুল বাছ এখনে তেওঁলোকৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল কঢ়িয়াই নি থাকোতে অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে স্কুলবাচলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে । ৰাজপথত কোনো অচিনাক্ত বাহনে ছাগলী এটা খুন্দিয়াই থৈ যোৱাত একাংশ লোকে স্কুল বাছ খনে উক্ত দুৰ্ঘটনা সংঘটিত কৰা বুলি সন্দেহ কৰি শিলগুটি নিক্ষেপ কৰে ।

উক্ত ঘটনা সংঘটিত হোৱাৰ পিছত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু কণ কণ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা স্কুল বাছত দুৰ্ষ্কৃতিকাৰীৰ আক্ৰমনৰ ঘটনাক গৰিহনা দি দুৰ্ষ্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক দাবী জনাইছে । ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে ঘটনাৰে জড়িত থকাৰ অভিযোগত দীনেশ বৰ্মন নামৰ এজন লোকক আটক কৰিছে যদিও আন দুজন অভিযুক্ত পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ।

আৰু পঢ়ক: দৰঙত পি এইচ ই ডিৰ শাখা বিষয়াক নিলম্বন কৰাৰ নিৰ্দেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

assam kokrajhar