কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙৰ হোষ্টেলত উত্তপ্ত পৰিস্থিতি…

কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙৰ হোষ্টেলত উত্তপ্ত পৰিস্থিতি…

author-image
asomiyapratidin
New Update
কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙৰ হোষ্টেলত উত্তপ্ত পৰিস্থিতি…

ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰত মুন্নাভাই নাৰ্ছিং কলেজ নে আচল নাৰ্ছিং কলেজ ? ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ দ্বাৰা স্বীকৃত বুলি ভূৱা তথ্য প্ৰকাশ কৰি নামভৰ্তিৰ অভিযোগ । প্ৰতিষ্ঠানটো অসম নাৰ্ছিং কাউন্সিলৰ দ্বাৰাহে স্বীকৃত ।

Advertisment

প্ৰকৃত তথ্য বাহিৰ হোৱাত ক্ষোভিত ছাত্ৰ-ছাত্ৰী । অভিভাৱকসকল উপস্থিত হোৱাত কলেজৰ অধ্যক্ষা আৰু সঞ্চালকে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । দুৰ্ব্যৱহাৰক কেন্দ্ৰ কৰি সৃষ্টি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।হোষ্টেলৰ আবাসী ছাত্ৰী সকলকো সময়মতে খাদ্য যোগান নধৰা, পানী যোগান নধৰাৰ অভিযোগ উত্থাপন হৈছে ।

ছাত্ৰী সকলক মানসিক, শাৰীৰিক হাৰাশাস্তিৰ কৰাৰ অভিযোগ উঠাৰ লগতে উপায়ন্তৰ হৈ হোষ্টেলৰ লগতে নাৰ্ছিং প্ৰতিষ্ঠানখনো ত্যাগ কৰে ছেম নাৰ্ছিং কলেজৰ ছাত্ৰী আৰু অভিভাৱকসকলে । কাৰ্বি আংলং, ওদালগুৰি, বাগছা আদি বিভিন্ন জিলাৰ পৰা বহু ছাত্ৰীয়ে ছেম কলেজ অৱ নাৰ্ছিং কলেজত নামভৰ্তি কৰিছিল ।

ছাত্ৰী আৰু অভিভাৱক সকলে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে । সন্দেহজনক প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী অভিভাৱক, ছাত্ৰ-ছত্ৰীৰ । ইপিনে নাৰ্ছিং কলেজখনৰ অধ্যক্ষা হুছনেআৰা বেগমে সম্পূৰ্ণ অভিযোগ খণ্ডন কৰিছে ৷

assam himanta biswa sarma Assam police