/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/rape.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ ঢোলমাৰা এলেকাত সোমবাৰে সন্ধিয়া সংঘটিত হয় লোমহৰ্ষক ঘটনা । তিনি পাষণ্ডই নাৱালিকাক দলবদ্ধ বলাৎকাৰ কৰাৰ অভিযোগ ।
নাৱালিকাগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণী অনুসৰি দোকানৰ পৰা বস্তু কিনি উভতি যাওঁতেই চাহবাগানত টানি নি নাৱালিকাক মুখত সোপা দি দলবদ্ধ বলাৎকাৰ কৰে তিনি পাষণ্ডই।
ঘটনাৰ পাছতেই মঙলবাৰে অভিযুক্ত দুই পাষণ্ডক আটক কৰে আৰু বৰ্তমান এজন অভিযুক্ত পলাতক অৱস্থাত আছে। আটকাধীন দুই পাষণ্ড ক্ৰমে ঢোলমাৰা লালকুৰা দ্বিতীয় খণ্ডৰ আফুৰউদ্দিন ইছলাম(২২) আৰু ধুবুৰী জিলাৰ চাপৰৰ ছামেজউদ্দিন আলি(১৯) ।
আনহাতে মুস্তাফা আলি নামৰ পাষণ্ডটো পলাতক অৱস্থাত আছে । দলবদ্ধ বলাৎকাৰ সন্দৰ্ভত তীব্ৰ প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া প্ৰকাশ আক্ৰাছুৰ । ফাষ্ট ট্ৰেক আদালতত বিচাৰৰ দাবী কৰিছে আক্ৰাছুই।
এই ঘটনাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী আক্ৰাছুৰ । ২৪ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব নকৰিলে আক্ৰাছু হাত সাৱটি বহি নথকাৰ হুংকাৰ প্ৰদান ।
উল্লেখ্য যে, অভিযুক্তক আটক কৰিবলৈ যাওঁতে আৰক্ষী আৰু আক্ৰাছুৰ দলক চোকা অস্ত্ৰৰে আক্ৰমনৰ চেষ্টা চলাই একাংশই । এই ঘটনাৰ পাছতেই ছালাকাটিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
ঘটনা সন্দৰ্ভত গোচৰ ৰজু , গোচৰ নং ২৪৭/২২ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৬৩/৩০৮/৩৭৬(৩) /৩৭৬ (ডি) ৩৭৬(এ)/ ৩৪ মৰ্মে আৰু পক্সো আইনৰ ধাৰা ৬ অনুসৰি গোচৰ ৰজু কৰা হৈছে।
আৰু পঢ়ক: জীৱন…