/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/kokrajhar.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰ জিলা কৃষি বিভাগৰ উদ্যোগত "মেৰী পলিচি মেৰে হাথ" অভিযানৰ অংশ স্বৰূপে কৃষকৰ মাজত বিতৰণ কৰা হয় ফচল বীমা পলিচি। এগ্ৰিকালচাৰ ইন্সিওৰেঞ্চ কোম্পানী অফ ইণ্ডিয়া লিমিটেডৰ সদস্যৰ উপস্থিতিত কৃষকসকলৰ মাজত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (শালি ধান) ৰ পলিচি বিতৰণ কৰে জিলা কৃষি বিষয়া বুৰলুং বুথুৰ নাৰ্জাৰী আৰু মহকুমা কৃষি বিষয়া মৃণাল ক্ৰান্তি কচাৰীয়ে।
অনুষ্ঠানত বীমা পলিচি বিতৰণৰ লগতে ফচল বীমা যোজনাৰ পৰা কেনেদৰে কৃষকসকল উপকৃত হ'ব সেই সন্দৰ্ভত আলোচনা কৰা হয়। উল্লেখ্য যে 'আজাদী কা অমৃত মহোৎসৱ ইণ্ডিয়া@৭৫' অভিযানৰ অংশ হিচাপে ভাৰত চৰকাৰে প্রধান মন্ত্ৰী ফচল বীমা যোজনা ৰ অধীনত ২০২২ বৰ্ষৰ খাৰিফ বতৰত "মেৰী পলিচি মেৰে হাথ" নামৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছিল।
এই কাৰ্যসূচীৰ জৰিয়তে ১ ছেপ্টেম্বৰ ২০২২ৰ পৰা কৃষি বিভাগৰ তত্ত্বাৱধানত নিৰ্দিষ্ট বীমা কোম্পানীৰ প্ৰতিনিধিৰ জৰিয়তে আঁচনিত পঞ্জীয়নভুক্ত প্ৰতিজন কৃষকক পলিচি সম্পৰ্কীয় নথি-পত্ৰ দুৱাৰ দলিতে তুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷
সেই মৰ্মে এই অভিযানৰ সফল ৰূপায়নৰ বাবে তৎপৰ হৈছে জিলা কৃষি বিভাগ। এই অভিযানৰ উদ্দেশ্য হৈছে আঁচনিখনৰ অধীনৰ কৃষক আৰু নিৰ্দিষ্ট বীমা কোম্পানীৰ মাজত এক সহজলভ্য আৰু বিশ্বাসযোগ্য সম্পৰ্ক প্ৰতিষ্ঠা কৰা ৷