কোকৰাঝাৰত ভোটদান শাান্তিপূৰ্ণ, ভোটকেন্দ্ৰত দীঘলীয়া শাৰী

কোকৰাঝাৰত ভোটদান শাান্তিপূৰ্ণ, ভোটকেন্দ্ৰত দীঘলীয়া শাৰী

author-image
asomiyapratidin
New Update
কোকৰাঝাৰত ভোটদান শাান্তিপূৰ্ণ, ভোটকেন্দ্ৰত দীঘলীয়া শাৰী

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ লোকসভা সমষ্টিত শান্তিপূৰ্ণভাৱে অব্যাহত আছে ভোটদান প্ৰক্ৰিয়া। পুৱা দুই এটা ভোটদান কেন্দ্ৰত কিছু বিসংগতিৰ সৃষ্টি হৈছিল যদিও এতিয়া প্ৰায় প্ৰতিটো কেন্দ্ৰতে ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মই কোকৰাঝাৰ বিদ্যাপীঠ ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বিপৰীতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউপিপিএল প্ৰাৰ্থী উৰ্খাও গৌড়া ব্ৰহ্মই বেলগুৰী ভোটকেন্দ্ৰত ভোটদান কৰে। আনহাতে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে সপত্নীক ১১০নং দেৱৰগাঁও ভোটকেন্দ্ৰত উপস্থিত হৈ ভোটদান কৰে।

কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৩০নং কোকৰাঝাৰ (পূৱ) জনজাতি সমষ্টিৰ অন্তৰ্গত ২০৩নং ৰূপনাথ ব্ৰহ্ম বিদ্যাপীঠ ভোটগ্ৰহণ কেন্দ্ৰই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। উক্ত কেন্দ্ৰটোত নিয়োজিত সকলো নিৰ্বাচনী কৰ্মীয়ে মহিলা হোৱাৰ লগতে নিৰাপত্তাৰক্ষীসকলো মহিলা। জিলাখনত ভোটদানৰ হাৰ অইন জিলাৰ তুলনাত কিছু মন্থৰ যদিও ভোটাৰসকলে শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে।

ইপিনে ভোটাধিকাৰ সাব্যস্ত কৰি বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মই নিজৰ বিজয় সন্দৰ্ভত আত্মবিশ্বাস প্ৰকাশ কৰে। একেদৰে ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌড়া ব্ৰহ্মইও বেলগুৰী ভোটকেন্দ্ৰত ভোটদান কৰি দ্বিতীয় স্থানত বিপিএফ আৰু নৱ কুমাৰ শৰণীয়া থাকিব বুলি মন্তব্য কৰে। আজমলৰ সমৰ্থনে তেওঁক সহায় কৰা বুলি মন্তব্য কৰি উৰ্খাও গৌড়া ব্ৰহ্মই তেওঁৰ বিজয়ে সংঘাত নিৰাময় কৰিব বুলি আশা প্ৰকাশ কৰে।

বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে সপত্নীক ভোটদান সাব্যস্ত কৰি এবছুৰ সভাপতি প্ৰমোদ বড়ো আৰু নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াক কঠোৰ ভাষাৰে সমালোচনা কৰি প্ৰমোদ বড়োক পুনৰাই বেপাৰী আৰু দালাল আখ্যা দিয়ে। প্ৰকৃততে প্ৰমোদ বড়ো এবছু নহয় বৰং এনডিএফবি 'বেকগ্ৰাউণ্ড'ৰ মানুহ বুলি উল্লেখ কৰি মহিলাৰীয়ে বিজেপি মিত্ৰজোঁটে এইবাৰ ১২খন আসন পাব বুলি উল্লেখ কৰি কোকৰাঝাৰ লোকসভা সমষ্টিত তেওঁলোকৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰিছে। আনহাতে নৱ কুমাৰ শৰণীয়াই নিৰ্বাচনৰ পিছত জেলযাত্ৰা কৰিব লাগিব বুলিও মত প্ৰকাশ কৰিছে হাগ্ৰামা মহিলাৰীয়ে।