/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/52a0f116-7557-4e10-96b8-30db19b427ff/dto.jpg)
ডিজিটেল ডেস্ক : প্ৰধান মন্ত্ৰীলৈ শ্ৰীৰামপুৰ তালাচী চকীৰ ছিণ্ডিকেট সন্দৰ্ভত প্ৰধান মন্ত্ৰীলৈ ট্ৰাক ড্ৰাইভাৰ এগৰাকীয়ে লিখা টুইটৰ পাছতেই হঠাৎ কঠোৰ ৰূপ ধাৰণ কৰিলে কোকৰাঝাৰ আৰক্ষীয়ে । বুধবাৰে নিশা জিলা পৰিবহণ বিষয়া সোমেশ্বৰ ব্ৰহ্মৰ বাসগৃহত প্ৰায় ৬ ঘন্টাজোৰা অভিযানৰ অন্তত আৰক্ষীয়ে উদ্ধাৰ কৰে ৩৬ লাখ টকা । ইয়াৰ ওপৰিও জব্দ কৰা হয় বহু নথি-পত্ৰ । আনহাতে, সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ দুই সতীৰ্থ ৰিচাৰ্ড মুছাহাৰী আৰু মনোজ বসুমতাৰীৰ গৃহটো অভিযান চলাই উদ্ধাৰ কৰে ১.৫ লাখ টকা । উল্লেখ্য যে, মঙলবাৰেও শ্ৰীৰামপুৰ তালাচী চকীৰ ছিণ্ডিকেট সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ১৩ জন লোকক ।
শ্ৰীৰামপুৰ তালাচী চকীৰ ছিণ্ডিকেট সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নীৰৱ ভূমিকাৰ পাছতেই এগৰাকী ট্ৰাক ড্ৰাইভাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ কৰিছিল টুইট । টুইটৰ পাছতেই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে তৎপৰতা দেখুৱাই মঙলবাৰৰ পৰাই চলাই অভিযান । সেই অভিযানতে বুধবাৰে নিশা গ্ৰেপ্তাৰ হয় স্বয়ং জিলা পৰিবহণ বিষয়া সহ দুই সতীৰ্থ । বৃহস্পতিবাৰে পুৱা এই তিনি গৰাকীক আৰক্ষীয়ে অজ্ঞাত স্থানলৈ লৈ যোৱা হৈছে বুলি জানিবলৈ পৰা গৈছে ।