কোকৰাঝাৰত উপস্থিত অসম অলিম্পিক যুৱ গেমছৰ টৰ্চ ৰেলী…

কোকৰাঝাৰত উপস্থিত অসম অলিম্পিক যুৱ গেমছৰ টৰ্চ ৰেলী…

author-image
asomiyapratidin
New Update
কোকৰাঝাৰত উপস্থিত অসম অলিম্পিক যুৱ গেমছৰ  টৰ্চ ৰেলী…

ডিজিটেল সংবাদ, কোকৰাঝাৰ:– অসম যুৱ অলিম্পিক গেমছ- ২০২২ অহা ২২ জুলাইৰ পৰা ২৭ জুলাইকে গুৱাহাটীত অনুষ্ঠিত হ'ব। মুঠ ৩২ টাকৈ ইভেণ্টত অনুষ্ঠিত হবলগীয়া অসম যুৱ অলিম্পিক গেমছত কোকৰাঝাৰ জিলাৰ পৰাও ৭ টা ইভেন্টত অংশগ্ৰহণ কৰিব।

Advertisment

ইপিনে অসম যুৱ অলিম্পিক গেমছৰ সতে সংগতি ৰাখি উলিওৱা টৰ্চ ৰেলী আজি বিটিআৰ সদৰ কোকৰাঝাৰত উপস্থিত হয় ৷ অসম অলিম্পিক সন্থাৰ উপসভাপতি বিষ্ণু নুনিছাৰ নেতৃত্বত অহা টৰ্চ ৰেলীৰ দলটোক কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আদৰণি জনোৱা হয় ৷

কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত হোৱা আদৰণি অনুষ্ঠানত টৰ্চ ৰেলীৰ দলটোক একোখনকৈ আৰনাইৰে সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য উকিল মুছাহাৰী, পাৰিষদ দনেশ্বৰ গয়াৰী, জিলা অতিৰিক্ত উপায়ুক্ত শুভ্ৰম আদিত্য বৰা, বঙাইগাঁও জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক পৰিমল সিনহাকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি আৰু ক্ৰীড়াবিদ উপস্থিত থাকে ৷

উল্লেখ্য যে, কোকৰাঝাৰৰ পৰা বিয়লী টৰ্চ ৰেলীৰ দলটো ধুবুৰী লৈ ৰাওনা হয় ৷ ধুবুৰীলৈ ৰাওনা হোৱাৰ পূৰ্বে অলিম্পিকৰ টৰ্চ লৈ কোকৰাঝাৰ সদৰ চহৰত সমদল উলিওৱা হয় যত কোকৰাঝাৰৰ শতাধিক খেলুৱৈ আৰু ক্ৰীড়াবিদে অংশগ্ৰহণ কৰে ৷

আৰু পঢ়ক: শৰীৰত জুই লগাই বেংকত প্রৱেশ কৰি আত্মহত্যা কৰ্মচাৰীৰ

assam kokrajhar