মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ জ্যেষ্ঠ ভাতৃ পুতুল চন্দ্ৰ ব্ৰহ্মৰ মৃত্যু...

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬২ বছৰ

author-image
Asomiya Pratidin
New Update
মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ জ্যেষ্ঠ ভাতৃ পুতুল চন্দ্ৰ ব্ৰহ্মৰ মৃত্যু...

kokrajhar death

ডিজিটেল ডেস্ক : অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ জ্যেষ্ঠ ভাতৃ তথা দোতমা হাইস্কুলৰ সহকাৰী শিক্ষক, দোতমা আঞ্চলিক এবছুৰ প্ৰাক্তন সভাপতি, বড়ো সাহিত্য সভাৰ আজীৱন সদস্য, বডোফা ইউএনবি সাহিত্য আৰু সংগ্ৰহালয়ৰ সম্পাদক পুতুল চন্দ্ৰ ব্ৰহ্মৰ মৃত্যু।

Advertisment

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬২ বছৰ। কোকৰাঝাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে পুতুল চন্দ্ৰ ব্ৰহ্মৰ মঙলবাৰে মৃত্যু হয়। মৃত্যুৰ পূৰ্বে পুতুল চন্দ্ৰ ব্ৰহ্মই পত্নী, এগৰাকী কন্যা আৰু দুই সন্তানৰ লগতে অজস্ৰ গুণমুগ্ধক ইহজগতত এৰি থৈ যায়।

ইপিনে পুতুল চন্দ্ৰ ব্ৰহ্মৰ পৰলোকপ্ৰাপ্তিত কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী, এবছু, বড়ো সাহিত্য সভা আদিকে ধৰি বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

বিধায়ক লৰেঞ্চ ইছলাৰীয়ে পুতুল চন্দ্ৰ ব্ৰহ্মৰ মৃত্যু সমাজ জীৱনৰ বাবে অপুৰণীয় ক্ষতি বুলি মন্তব্য কৰি পুতুল চন্দ্ৰ ব্ৰহ্মই শিক্ষা, সাহিত্য আৰু সমাজ জীৱনত দেখুওৱা অৱদান প্ৰাতঃস্মৰণীয় হৈ ৰ'ব বুলি মন্তব্য কৰি তেওঁৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰে । মহানৱমীৰ দিনটোতেই পুতুল চন্দ্ৰৰ মৃত্যুৰ বাতৰিয়ে কোকৰাঝাৰৱাসীক শোকস্তব্ধ কৰি তুলিছে ।

assam kokrajhar death