/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/cba6a9fe-8335-4a28-b4ca-1f5c5785983d/agrani.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰ-প্ৰশাসনৰ অভিযান অব্যাহত থকাৰ সময়তে কোকৰাঝাৰৰ বালাজান তিনালীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে । কোকৰাঝাৰ জিলাৰ বালাজান তিনালী নিবাসী বসন্ত বৰ্মনৰ পুত্ৰ পুলেন বৰ্মনৰ (২৪) অত্যধিক ড্ৰাগছ সেৱনৰ পৰিণতিতে সোমবাৰে কৰুণ মৃত্যু হয়।
প্ৰাপ্ত বাতৰি মতে পুলেন বৰ্মনে দীৰ্ঘদিনৰ পৰা ড্ৰাগছ সেৱন কৰি আহিছিল। ড্ৰাগছ সেৱনৰ সমান্তৰালভাৱে পুলেন বৰ্মন ড্ৰাগছ যোগনিয়াৰৰ দৰে অবৈধ ব্যৱসায়তো নামি পৰিছিল । তাৰ ফলস্বৰুপে যোৱা জুলাই মাহত ধুবুৰী জিলাৰ চাপৰত আৰক্ষীয়ে পুলেন বৰ্মনক আটক কৰিছিল।
প্ৰায় এমাহ ধৰি জে'ল হাজোতত থকাৰ পিছত মুকলি হৈ পুলেন বৰ্মনে পুণৰাই ড্ৰাগছ সেৱনৰ লগতে বেজীৰে দেহত ড্ৰাগছ সোমাই লোৱা আৰম্ভ কৰে। অভিযোগ অনুসৰি পুলেন বৰ্মন ক্ৰমান্বয়ে অত্যাচাৰী হোৱা আৰম্ভ কৰিছিল আৰু ঘৰ-পৰিয়ালৰ সদস্যৰ ওপৰত অত্যাচাৰ কৰিছিল।
দেওবাৰে পুলেন বৰ্মনে অত্যাধিক ড্ৰাগছ সেৱন কৰি ঘৰলৈ আহে আৰু মুখেৰে ফেন ওলাবলৈ আৰম্ভ কৰে। পৰিয়ালৰ লোকে কোকৰাঝাৰৰ এখন ব্যক্তিগত খণ্ডৰ নাৰ্ছিংহোমলৈ নিয়ে যদিও ৰোগীৰ গুৰুতৰ অৱস্থালৈ লক্ষ্য ৰাখি উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বঙাইগাঁওলৈ প্ৰেৰণ কৰে ।
বঙাইগাঁওৰ এখন এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তে শেষ নিশা পুলেন বৰ্মনে কৰুণ মৃত্যুক সাৱটি লয়। ইপিনে অত্যাধিক ড্ৰাগছ সেৱন কৰি মৃত্যুমুখত পৰা পুলেন বৰ্মনৰ পিতৃ বসন্ত বৰ্মনে সদৰি কৰা মতে তেওঁৰ ল'ৰা পুলেন বৰ্মন ড্ৰাগছ সেৱন কৰাৰ উপৰিও বেজীৰে দেহত ড্ৰাগছ সুমুৱাই লৈছিল ।
ল'ৰাই ড্ৰাগছ সেৱন কৰা বিষয়টো গম পোৱা তেওঁৰ বেছিদিন হোৱা নাছিল বুলি দুৰ্ভগীয়া পিতৃগৰাকীয়ে সদৰি কৰি তেওঁৰ সতে ল'ৰাৰ মতবিৰোধ আছিল আৰু সেয়ে মাতবোল পৰ্যন্ত বন্ধ কৰি দিছিল বুলি সদৰি কৰিছে মৃতকৰ পিতৃ বসন্ত বৰ্মনে।