/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/koliabor.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰঃ পাহাৰীয়া নদীৰ ঢলে উটুৱাই নিলে নগাঁও-কাৰ্বি আংলং জিলাৰ সীমান্তবৰ্তী ৰংমংৱে অঞ্চলৰ একমাত্ৰ ওলোমা দলংখন। ফলত যাতায়তৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হ'বলগা হৈছে পাহাৰীয়া অঞ্চলটোৰ ৭খনকৈ গাঁৱৰ দুই শতাধিক বাসিন্দা।
দলংখল নদীৰ ঢলে উটুৱাই নিয়াৰ পিছত অতি বিপদজনক ভাৱে কোবাল সোঁতৰ মাজৰে খোজ কাঢ়ি পাৰাপাৰ হ'ব লগা হৈছে অঞ্চলটোৰ ৰাইজ। নদীৰ পানীৰ মাজেৰেই পাৰ কৰিব লগা হৈছে চাইকেল, বাইক আদিও। উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ অতিকে পিছপৰা ৰংমংৱে চিলিম ইংতি আৰু লুংচে তিমুং গাঁৱৰ মাজত দেওপানী নদীৰ ওপৰত ২০০৮ চনতে সেই সময়ৰ কাৰ্যবাহী সদস্য ভূৱন চন্দ্ৰ তেৰাঙে নিৰ্মাণ কৰাইছিল এই লোৰ ওলোমা দলংখন।
ডিফু লোকসভা সমষ্টি আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ৭খন গাঁৱৰ ৰাইজক সামৰি লৈছিল এই দলংখনে। কিন্তু এসপ্তাহ পূৰ্বে নদীৰ ঢলে উটুৱাই নিয়ে এই দলংখন। ফলত যাতায়তৰ ব্যাপক অসুবিধাৰ সন্মুখীণ হ'ব লগা হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ।
পানী ভাঙি কৰিব লগা হৈছে যাতায়ত। উল্লেখ কৰিব পাৰি যে, তিনি বছৰৰ পূৰ্বেই এই ওলোমা দলংখনৰ দুৰৱস্থা সন্দৰ্ভত বিস্তৃত বাতৰি সম্প্ৰচাৰিত হৈছিল সংবাদ মাধ্যমত। কিন্তু আজিলৈকে কোনোধৰণৰ মেৰামতি নহ'ল জৰাজীৰ্ণ দলংখনৰ। অৱশেষত দেওপানী নদীৰ কোবাল সোঁতত উটি গ'ল ওলোমা দলংখন ৷