কোকৰাঝাৰত কৰ্তব্যৰত গৃহৰক্ষী জোৱানক আক্ৰমণ দুষ্কৃতিকাৰীৰ...

কৰ্তব্যৰত অৱস্থাত এগৰাকী গৃহৰক্ষী জোৱানক আক্ৰমণ কৰে দুষ্কৃতিকাৰীয়ে

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত কৰ্তব্যৰত গৃহৰক্ষী জোৱানক আক্ৰমণ দুষ্কৃতিকাৰীৰ...

kokrajhar attack

ডিজিটেল সংবাদ, ফকিৰাগ্ৰাম : কোকৰাঝাৰ জিলাৰ ফকিৰাগ্রাম আৰক্ষী চকীৰ অন্তর্গত শক্তি আশ্ৰমত সোমবাৰে পুৱতি নিশা সংঘটিত হয় এক অঘটন। কৰ্তব্যৰত অৱস্থাত এগৰাকী গৃহৰক্ষী জোৱানক আক্ৰমণ কৰে দুষ্কৃতিকাৰীয়ে। দুষ্কৃতিকাৰীৰ আক্রমণত গুৰুতৰভাৱে আহত হয় গৃহৰক্ষী জোৱান মোহাম্মদ আলীক।

Advertisment

শক্তি আশ্ৰম তিনিআলিত কৰ্তব্যৰত অৱস্থাত থকাৰ সময়তে সামগ্রী কঢ়িওৱা দুখন বাহনত তালাচী চলোৱাৰ সময়তে বাহনত থকা অচিনাক্ত দুষ্কৃতিকাৰীয়ে আন্ধাৰৰ সুযোগ লৈ গৃহৰক্ষী জোৱানক নির্মমভাৱে প্রহাৰ কৰে।

দুষ্কৃতিকাৰীৰ আক্ৰমণত গুৰুতভাৱে আহত হৈ ঘটনাস্থলিত পৰি থকা আহত গৃহৰক্ষী জোৱানক এজন অটো চালাকে উদ্ধাৰ কৰি ফকিৰাগ্রাম আৰক্ষী চকীলৈ লৈ আহে। আৰু আৰক্ষীয়ে গুৰুতভাৱে আহত গৃহৰক্ষী জোৱানক ফকিৰাগ্রাম অসামৰিক চিকিৎসালয়লৈ লৈ যায়।

পিছত জোৱান জনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে চিকিৎসকে আহত জোৱান জনক কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বর্তমান আহত জোৱানজন কোকৰাঝাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

assam attack kokrajhar