/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/5d1fea00-c393-451a-acc8-66fd3289129e/kokrajhar.jpg)
kokrajhar apolo
ডিজিটেল সংবাদ, কোকৰাঝাৰ :- কোকৰাঝাৰ সদৰ চহৰৰ ৰিলায়েঞ্চ পেট্ৰ'ল পাম্পৰ সন্মুখত সোমবাৰে এপল' ডায়গনেষ্টিক চেণ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । নামনি অসমৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰি কোকৰাঝাৰত এপল' ডায়গনেষ্টিক চেণ্টাৰ মুকলি হোৱা কাৰ্যই ৰোগীসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে ।
উল্লেখ্য যে কেইজনমান উদ্যমী যুৱকে কোকৰাঝাৰত এপল' ডায়গনেষ্টিক চেণ্টাৰ মুকলি কৰাৰ পৰিকল্পনা কৰে । সেইমৰ্মে তেওঁলোক এপল' কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে আৰু অনুমতি লাভ কৰে । ডায়গনেষ্টিক চেণ্টাৰৰ অত্যাধুনিক মেচিনসমূহ এপল'ই নিজে যোগান ধৰে ।
এপল' ডায়গনেষ্টিক চেণ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰি বিটিচিৰ ভাৰপ্ৰাপ্ত প্ৰধান নৰেন চন্দ্ৰ বসুমতাৰীয়ে উদ্যমী যুৱকৰ দলটোক প্ৰশংসা কৰাৰ লগতে এপল' ডায়গনেষ্টিক চেণ্টাৰে বহুদিনীয়া অভাৱ পtৰণ কৰিলে বুলি মন্তব্য কৰে ।
অনুষ্ঠানত সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত তথা পদ্মশ্ৰী ড° মংগলসিং হাজোৱাৰী, প্ৰাক্তন যুটীয়া স্বাস্থ্য সঞ্চালক ক্ৰমে ডা: অধীৰ কুমাৰ ব্ৰহ্ম, ফণীন্দ্ৰ নাথ নাৰ্জাৰী আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে।
উক্ত অনুষ্ঠানত স্বাস্থ্যখণ্ডৰ সৈতে জড়িত কেইবাগৰাকী অৱসৰপ্ৰাপ্ত লোকক সম্বৰ্ধনা জনোৱা হয় ।