কোকৰাঝাৰৰ চিম্বৰগাঁৱৰ দৈথুন ওৱাৰী উজ্বলিল এ.পি.এছ.চিত...

অসম অসামৰিক সেৱাৰ (জুনিয়ৰ গ্ৰেড) ১০৪ নং স্থানত উত্তীৰ্ণ হৈছে দৈথুন ওৱাৰী

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰৰ চিম্বৰগাঁৱৰ দৈথুন ওৱাৰী উজ্বলিল এ.পি.এছ.চিত...

kokrajhar apsc

ডিজিটেল সংবাদ, কোকৰাঝাৰ :- অসম লোকসেৱা আয়োগে ঘোষণা কৰা ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল শুকুৰবাৰে ঘোষণা হোৱাৰ পিছতেই কোকৰাঝাৰৰ চিম্বৰগাঁৱত আনন্দৰ বন্যা বৈছে । অসম অসামৰিক সেৱাৰ (জুনিয়ৰ গ্ৰেড) ১০৪ নং স্থানত উত্তীৰ্ণ হৈছে দৈথুন ওৱাৰী ।

Advertisment

দৈথুনৰ সফলতাত উলহ-মালহ পৰিৱেশে বিৰাজ কৰিছে চিম্বৰগাঁৱত। ফটকা ফুটাই আনন্দ প্ৰকাশ কৰিলে ৰাইজে । দৈথুন ওৱাৰীয়ে কয় যে সফলতা লাভ কৰিবলৈ হ'লে কষ্ট আৰু সাধনা কৰিবই লাগিব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিবলৈ হ'লে প্ৰথমে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতি থকা ভয়ভাৱ আঁতৰাব লাগিব আৰু সাধনাৰে আগবাঢ়িলে সফলতা লাভ কৰিব পাৰি ।

দৈথুন ওৱাৰীয়ে স্কুলীয়া শিক্ষা জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা লোৱাৰ পিছত বি.টেক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা লৈছিল। ইয়াৰ পিছত এম.টেক তেজপুৰ বিশ্ববিদ্যালয়ত কৰিছিল। সৰুৰে পৰা দৈথুন ওৱাৰী তীক্ষ্ণ মেধাবীৰ ছাত্ৰ আছিল । তেওঁৰ সফলতাত অঞ্চলজুৰি আনন্দৰ বন্যা বৈছে ।

apsc assam result kokrajhar