/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/399c7810-d7e2-43f9-a531-557a8811a0f9/Kok.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ভাৰত-ভূটান সীমান্তৱৰ্তী উল্টাপানী অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে বিধায়ক এলেকা উন্নয়ন পুঁজিৰ জৰিয়তে মঙলবাৰে এখন এম্বুলেঞ্চ উল্টাপানী স্বাস্থ্য কেন্দ্ৰক প্ৰদান কৰে কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে। এই উপলক্ষে কোকৰাঝাৰ বিধায়ক সেৱা কেন্দ্ৰৰ সন্মুখত অনুষ্ঠিত হোৱা এম্বুলেঞ্চ সেৱা মুকলিৰ ফ্লেগ অফ কৰে বিধায়কগৰাকীয়ে। উক্ত অনুষ্ঠানত বিটিচিৰ স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ড০ এ.এচ শৰ্মা, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ড০ পুলমা ব্ৰহ্ম আৰু জিলা ইউপিপিএলৰ নেতৃবৃন্দ উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/44794659-ee66-4c83-a170-836c2cfeaecd/ac0e4c75_6c21_4bbb_90ac_1948bba841bc.jpg)
ফ্লেগ অফ অনুষ্ঠানৰ পিছত বিধায়ক লৰেন্স ইছলাৰীয়ে কয় যে, ভাৰত-ভূটান সীমান্তৱৰ্তী উল্টাপানী-সৰলপাৰাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দূৰত্ব প্ৰায় ৩০-৪০ কিলোমিটাৰ। উক্ত অঞ্চলৰ ৰোগীসকলক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিবলৈ এম্বুলেঞ্চখনে যথেষ্ট সহায়ক হ'ব। এম্বুলেঞ্চখন বিধায়ক এলেকা উন্নয়ন পুঁজি ২১ -২২ বিত্তীয়বৰ্ষৰ আৰু কোম্পানীয়ে এম্বুলেঞ্চখন পলমকৈ হস্তান্তৰ কৰা বাবে ৰাইজৰ সেৱাত এম্বুলেঞ্চখন উৎসৰ্গিত কৰাত অলপ পলম হ'ল বুলি মন্তব্য কৰি স্থানীয় সমিতিয়ে এম্বুলেঞ্চখন পৰিচালনা কৰিব বুলি সদৰি কৰিছে বিধায়ক লৰেন্স ইছলাৰীয়ে ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us