/asomiyapratidin/media/media_files/2024/11/29/TJuNbqPeD01SmKMhQvab.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিবেশনখন এইবেলি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মস্থান কোকৰাঝাৰ জিলাৰ দোতমাত অনুষ্ঠিত হ'ব ৷ অহা ৬ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰৈ অনুষ্ঠিত হবলগীয়া এবছুৰ কেন্দ্ৰীয় অধিবেশনক লৈ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে ৷
ইয়াৰে অংশস্বৰূপে আজি দোতমা আঞ্চলিক ক্ৰীড়া সন্থাৰ ইণ্ডোৰ ষ্টেডিয়ামত এবছুৰ কেন্দ্ৰীয় অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় মুকলি কৰা হয় ৷ ৰঙা ফিটা কাটি অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷ কাৰ্যালয় মুকলিৰ পূৰ্বে এবছুৰ সাংগঠনিক পতাকা উত্তোলন কৰে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে ৷
ইপিনে পতাকা উত্তোলনৰ অন্তত এবছুৰ সভাপতি দ্বীপেন বড়োৱে সংবাদমাধ্যমৰ আগত কয় যে অহা ৬, ৭ , ৮ আৰু ৯ ফেব্ৰুৱাৰীত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মস্থান দোতমাত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এবছুৰ কেন্দ্ৰীয় অধিবেশনক অনুষ্ঠিত হ'ব যত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । দোতমাৰ অধিবেশনতে বড়োজাতিৰ জাতিয়তাবাদ , স্বকীয় ভাষা, কলা-সংস্কৃতি , বড়ো মাধ্যম শিক্ষা , ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰ , বিটিআৰ চুক্তিৰ অৱশিষ্ট দফা ৰূপায়ন আদি সন্দৰ্ভত আলোচিত হ'ব ।
তদুপৰি অধিবেশনত উপস্থিত থাকিব নবেল বঁটা বিজয়ী কৈলাশ চৈতাৰ্থী । উক্ত অধিবেশনতে নবেল বঁটা বিজয়ী কৈলাশ চৈতাৰ্থীৰ সতে ৫০ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে মত বিনিময় কৰিব। দোতমাৰ অধিবেশনতে আগন্তুক কাৰ্যকালৰ বাবে নতুন সমিতি গঠন কৰা হ'ব বুলি সদৰি কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ।
ইপিনে দোতমাত অনুষ্ঠিত হবলগীয়া এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ অধ্যক্ষ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে কয় যে দোতমা অধিবেশনখন লেখতলবলগীয়া হ'ব আৰু অনুষ্ঠানটো সফল কৰি তুলিবলৈ সকলো প্ৰচেষ্ঠা হাতত লোৱা হ'ব বুলি সদৰি কৰিছে।
উল্লেখ্য যে , আজি অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় মুকলিৰ পাছতে অধিবেশনৰ প্ৰস্তুতিক লৈ এক সভাও অনুষ্ঠিত হয় ৷ লৰেঞ্চ ইছলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোবা উক্ত সভাত মুল অভ্যৰ্থনা সমিতিৰ লগতে বিভিন্ন উপসমিতিৰ সদস্য সকলে অংশগ্ৰহণ কৰে ৷
এবছুৰ কেন্দ্ৰীয় অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় মুকলিৰ আজিৰ অনুষ্ঠানত এবছুৰ কেন্দ্ৰীয় উপ সভাপতি খৌৰমদাও ওৱাৰী , কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী , সহকাৰী সাধাৰণ সম্পাদক দিনেশ ব্ৰহ্ম , অভ্যৰ্থনা সমিতিৰ অধ্যক্ষ তথা বিধায়ক লৰেঞ্চ ইছলাৰী, বিধায়ক জিৰণ বসুমতাৰী, আহ্বায়ক শংকৰলাল ব্ৰহ্ম সহ অভ্যৰ্থনা সমিতি আৰু এবছুৰ কেন্দ্ৰীয় - জিলাৰ বহুসংখ্যক নেতৃবৃন্দ উপস্থিত আছিল ৷