ড০ প্রফুল্ল মহন্তৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোক প্ৰকাশ এবছুৰ…

ড০ প্রফুল্ল মহন্তৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোক প্ৰকাশ এবছুৰ…

author-image
asomiyapratidin
New Update
ড০ প্রফুল্ল মহন্তৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোক প্ৰকাশ এবছুৰ…

ডিজিটেল সংবাদ, কোকৰাঝাৰ : বিশিষ্ট সাহিত্যিক, সমাজ বিজ্ঞানী, চিন্তাবিদ, গৱেষক ড০ প্রফুল্ল মহন্তৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোক প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে । শুকুৰবাৰে সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এবছুৰ সভাপতি দ্বীপেন বড়ো আৰু সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰীয়ে বিশিষ্ট সাহিত্যিক ড০ প্রফুল্ল মহন্তৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰে ।

Advertisment

বিবৃতিত ড০ প্রফুল্ল মহন্তই খিলঞ্জীয়া জনগোষ্ঠীৰ হকে বলিষ্ট কণ্ঠেৰে মাত মাতিছিল বুলি সদৰি কৰি বিশেষকৈ বড়ো জনগোষ্ঠীৰ স্বাধীকাৰৰ বাবে মাত মতা ড০ প্রফুল্ল মহন্তক চিৰদিনে শ্ৰদ্ধা আৰু ভক্তিৰে স্মৰণ কৰা হ'ব বুলি সদৰি কৰিছে এবছুৱে ।

ইপিনে কোকৰাঝাৰ পূব সমষ্টিৰ ইউপিপিএলৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে শুকুৰবাৰে ড০ প্রফুল্ল মহন্তৰ ঘৰত উপস্থিত হৈ মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

বিধায়কগৰাকীয়ে মৃতকৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি অসমৰ জনগোষ্ঠীয় সংঘাত আৰু সমস্যাক লৈ শ্ৰেণীবদ্ধ গৱেষণা কৰা ড০ প্রফুল্ল মহন্তৰ পৰলোকপ্ৰাপ্তিয়ে জনগোষ্ঠীয় সমাজৰ অপুৰণীয় ক্ষতিসাধন কৰিলে বুলি মন্তব্য কৰে ।

উল্লেখ্য যে মৃত্যুৰ পূৰ্বে ড০ প্রফুল্ল মহন্তই পত্নী , দুই পুত্ৰ সন্তান , এগৰাকী কন্যা সন্তান আৰু অজস্ৰ গুণমুগ্ধক ইহজগতত এৰি থৈ যায় ।

assam guwahati