/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/57d915e0-5913-4445-9408-0723b59d1280/kok.jpg)
kokrajhar love jihad
ডিজিটেল সংবাদ, কোকৰাঝাৰ : প্ৰথমে প্ৰেম পিছত বেশ্যালয়ত বিক্ৰী এগৰাকী যুৱতীক। কোকৰাঝাৰ সেৰফাংগুৰীত সংঘটিত হৈছিল মানৱ সমাজক লজ্জানত কৰা এই ঘটনা। দুবছৰ পূৰ্বে ভুৱা পৰিচয়ৰে নাৱালিকাক প্ৰথমে প্ৰেম কৰি পিছত বেশ্যালয়ত বিক্ৰী কৰিছিল জাহানুদ্দিন শ্বেখে। যাৰ বাবে এই ঘটনাক আখ্যা দিয়া হৈছিল লাভ জেহাদৰ।
অভিযুক্ত জাহানুদ্দিনে নিজকে প্ৰথমে পৰিচয় দিছিল ৰাজু দাস বুলি। বিয়া পাতিম বুলি প্ৰলোভন দি পিছত প্ৰেমিকাক বিক্ৰী কৰিছিল বেশ্যালয়ত। আৰক্ষীয়ে তদন্ত কৰি গ্ৰেপ্তাৰ কৰিছিল বেশ্যালয়ৰ গৰাকী চালমা বেগম আৰু জাহানুদ্দিন শ্বেখক। ইয়াৰে চালমা বেগমৰ ঘৰ পশ্চিমবংগৰ খালপাৰাত আৰু জাহানুদ্দিন শ্বেখৰ ঘৰ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কাৰাইপাহাৰত ।
পকচো আইনৰ অধীনত দুয়োৰে বিৰুদ্ধে ৰজু হৈছিল গোচৰ নং ২৯/২০। উক্ত গোচৰৰ চূড়ান্ত ৰায়দান কোকৰাঝাৰ বিশেষ আদালতত সম্পন্ন হ'ল আজি। ন্যায়াধীশ জে কোচৰ আদালতে কৰিলে ৰায়দান। আজি বেশ্যালয়ৰ গৰাকী চালমা বেগম আৰু জাহানুদ্দিন শ্বেখক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড ঘোষণা কৰে আদালতে ।
দুয়োৰে বিৰুদ্ধে ২০ বছৰৰ কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে আদালতে। জৰিমনা অনাদায়ে অতিৰিক্ত দুই বছৰৰ কাৰাদণ্ড খাটিব লাগিব বুলি নিৰ্দেশ আদালতৰ।