কইনাধৰাৰ কেবিনেট বৈঠকঃ কি নতুন সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ...

কইনাধৰাৰ কেবিনেট বৈঠকঃ কি নতুন সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ অন্ত পৰিল শুকুৰবাৰে কইনাধৰাত অনুষ্ঠিত কেবিনেট বৈঠক। এই বৈঠকৰ অন্তত সাংবাদিকৰ আগত মুখ্যমন্ত্রীয়ে বৈঠকত লোৱা সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে।

মুখ্যমন্ত্ৰীয়ে ৰাজ্যত পঞ্চায়ত আইন সংশোধন কৰা হ’ব আৰু পঞ্চায়ত নিৰ্বাচন সম্পূৰ্ণ অৰাজনৈতিক হ’ব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ মতে আগন্তুক বিধানসভা অধিবেশনত সংশোধন কৰা হ’ব এই আইন।

আনহাতে ডিষ্টাৰ্ব এৰিয়া এক্ট প্রত্যাহাৰৰ বাবে কেন্দ্রক অনুৰোধ জনোৱা হ’ব বুলিও জানিবলৈ দিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে। এই বৈঠকতে ৰাজ্যখনত ৭৯খন উপ জিলা গঠনৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়। ৰাজ্যৰ বিদ্যুৎ‍ নাটনিক লৈও মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

এইক্ষেত্ৰত শনিবাৰে দিল্লীত শক্তিমন্ত্রীক সাক্ষাৎ‍ কৰি লোডশ্বেডিং হ্রাস কৰাৰ বিষয়ে আলোচনা কৰা হ’ব মত পোষণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ঘৰুৱাভাৱে ব্যৱহাৰ কৰা বিদ্যুতৰ বিল বৃদ্ধি নহয় বুলিও তেওঁ জানিবলৈ দি বাণিজ্যিক বিল বৃদ্ধি কৰাৰ ইংগিত দিয়ে মুখ্যমন্ত্রীগৰাকীয়ে।

ইপিনে সাংবাদিকৰ প্ৰশ্নোত্তৰত দিল্লীত বিহুক বিকৃতভাৱে প্রদৰ্শন কৰাক লৈও প্রতিক্রিয়া প্ৰকাশ কৰে। জি-২০ শেষ হোৱাৰ পিছত বিষয়টো বিবেচনা কৰা হ’ব বুলি তেওঁ মন্তব্য আগবঢ়ায়।

তদুপৰি ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয়ক ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উক্ত মহাবিদ্যালয়কেইখন হৈছে বৰাকৰ ডি চি কলেজ, উত্তৰ লখিমপুৰ কলেজ, বঙাইগাঁও কলেজ, জে বি কলেজ আৰু শিৱসাগৰ কলেজ। ৰাজ্যৰ মুঠ ৩৮খন মহাবিদ্যালয়ক ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখ্য যে, ১৭ ছেপ্টেম্বৰত বিশ্বনাথ, হোজাই আৰু তামুলপুৰ জিলা গঠন হোৱাৰ লগতে দুৰ্গা পূজাৰ পূৰ্বে বজালী জিলা গঠন হ’ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

কইনাধৰাৰ কেবিনেট বৈঠকঃ কি নতুন সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ...
কামপুৰৰ পদপথত গীতে মাতে স্মৰণ সুধাকণ্ঠক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in