Advertisment

কহুৱাআটিত পত্নীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে স্বামীক...

মৰিগাঁও জিলাৰ মিকিৰ ভটা  আৰক্ষী থানাৰ বৰিবজাৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত কহুৱাআটি আজি এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হয়। নিজ পত্নীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে স্বামীক।

author-image
Asomiya Pratidin
New Update
পত্নীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে স্বামীক।

পত্নীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে স্বামীক

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মৰিগাঁও জিলাৰ মিকিৰ ভটা  আৰক্ষী থানাৰ বৰিবজাৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত কহুৱাআটি আজি এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হয়। নিজ পত্নীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে স্বামীক। জানিব পৰা মতে, ভাৰতীয় ৰেল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বাবুল দেউৰী (৬১)ক আজি নিজ পত্নী কৌশল্যা দেউৰীযে কুঠাৰেৰে ঘপিয়াই হত্যা কৰে।

Advertisment

ইতিমধ্যে ঘটনাস্থলীত বৰিবজাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে কৌশল্যা দেউৰীক আটক কৰি তদন্ত আৰম্ভ কৰিছে। স্থানীয় ৰাইজে জানিব দিয়া মতে, বাবুল দেউৰীৰ দুগৰাকী পত্নী আছিল।

 এগৰাকী গুৱাহাটীত আৰু আন গৰাকী কহুৱা আটিত থাকে।কহুৱাআটি থকা প্ৰথমা পত্নীৰ লগত প্ৰায়েই ৰাগীয়াল বস্তু সেৱন কৰি লিপ্ত হৈছিল কাজিয়াত আজি সেই কাজিয়াৰ ফলতেই প্ৰথমা পত্নীয়ে নিজ স্বামীৰ প্ৰাণ লয়। 

মৰিগাঁও জিলা