/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/98a3c0fe-b4f3-43f6-b1ae-6d46360a1512/oprr.jpg)
ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈত মঙলবাৰে কোচ ৰাজবংশী সন্মিলনীয়ে এক সংবাদ মেল অনুষ্ঠিত কৰে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বুধবাৰে হ'বলগীয়া আলোচনাত চৰকাৰৰ লগত নবহে কোঁচ ৰাজবংশী সন্মিলনীয়ে বুলি প্ৰকাশ কৰে সংবাদ মেলত।
লগতে কোচ ৰাজবংশী সকলকৰ মতামতক গুৰুত্ব প্ৰদান নকৰিলে আগন্তুক নিৰ্বাচনত বিজেপিক বৰ্জন কৰিব সন্মিলনীয়ে।
সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনীয়ে চৰকাৰৰ আলোচনাৰ নিমন্ত্ৰণত অংশগ্ৰহণ নকৰে। চৰকাৰে যি ছয় জনগোষ্ঠীক আমন্ত্ৰণ কৰিছে তাৰ কোনো নিৰ্দিষ্ট আমন্ত্ৰণী প্ৰত্ৰ প্ৰেৰণ কৰা নাই। কেবল মাত্ৰ ফোনৰে আমন্ত্ৰণ জনোৱা কাৰ্যই সচকিত কৰিছে জনজাতি কৰনৰ দাবী জনায় অহা কোচ ৰাজবংশী সকলক।
এই কথা সংবাদ মেল পাতি মন্তব্য কৰে সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰনৱ নাৰায়ণ কোঁৱৰে ।
কেবল কা আন্দোলন প্ৰশমন কৰাৰ উদ্দেশ্যেহে ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ বিলখন ৰাজ্য সভাত আনিছিল ( 9 জানুৱাৰী,2022 ) বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে সভাপতি গৰাকীয়ে।
আনহাতে কোচ ৰাজবংশী সকলক চৰকাৰে ঢাল হিচাপে ব্যৱহাৰ কৰি আহিছে। কোচ ৰাজবংশী সকলৰ মতামতক চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে আগন্তুক নিৰ্বাচনত বিজেপিক বৰ্জন কৰাৰ হুংকাৰ কোঁচ ৰাজবংশী সন্মিলনীৰ।