প্ৰসংগ : কোচবিহাৰ ৰাজ্য গঠন! ‘মমতা বেনাৰ্জী জীয়াই থকা লৈ বংগ বিভাজন নহয়।’…

প্ৰসংগ : কোচবিহাৰ ৰাজ্য গঠন! ‘মমতা বেনাৰ্জী জীয়াই থকা লৈ বংগ বিভাজন নহয়।’…

author-image
asomiyapratidin
New Update
প্ৰসংগ : কোচবিহাৰ ৰাজ্য গঠন! ‘মমতা বেনাৰ্জী জীয়াই থকা লৈ বংগ বিভাজন নহয়।’…

ডিজিটেল ডেস্ক : অসম আৰু পশ্চিম বংগৰ পৰা পৃথক কৰি ২০২৪ চনত কোচবিহাৰ হ'ব ভাৰতৰ নতুন কেন্দ্ৰীয় শাসিত ৰাজ্য। হঠাৎ চৰ্চিত হৈ পৰা পৃথক কোচবিহাৰ ৰাজ্য গঠনৰ বিষয়টোৱে প্ৰস্তাৱিত কমতাপুৰ এলেকাত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

Advertisment

অসম আৰু পশ্চিমবংগৰ কিছু এলেকাক সামৰি কমতাপুৰ ৰাজ্য গঠনৰ বাবে দীৰ্ঘদিন ধৰি বহু দল-সংগঠনে দাবী জনাই আহিছিল। সেই দল-সংগঠন সমূহে এনেদৰে হঠাৎ অসম আৰু পশ্চিমবংগক ১৩খন কৈ জিলাক সামৰি কোচবিহাক ৰাজ্য গঠনৰ বিৰোধিতা কৰিছে।

দল-সংগঠনৰ নেতা সকলে স্পষ্ট ভাৱে কৈছে যে – কোনোবাই কৈ দিলেই ৰাতিৰ ভিতৰতে এখন ৰাজ্যৰ সৃষ্টি বা গঠন হ'ব নোৱাৰে। মন কৰিবলগীয়া যে এখন ৰাজ্য গঠনৰ বিষয়টো এক জটিল প্ৰক্ৰিয়া। ইয়াৰ বাবে এক দীৰ্ঘ সময়ৰ প্ৰয়োজন।

এই ক্ষেত্ৰত দল-সংগঠনৰ সকলো দাবী নস্যাৎ কৰি মহাৰাজ অনন্ত ৰায়ে কয় যে – কমতাপুৰ বা কামতাপুৰ বুলি কোনো ৰাজ্য নাই। ইষ্ট ইণ্ডিয়া কোম্পানীয়েও কমতাপুৰ বুলি জনা নাছিল কোচবিহাৰ বুলিহে জানিছিল। কোচবিহাৰ ৰাজ্য বুলিহে চুক্তি আছে। গতিকে কমতাপুৰ অসম্ভৱ, কোচবিহাৰ ৰাজ্যহে হ'ব বুলি তেওঁ মন্তব্য কৰে।

এই ক্ষেত্ৰত বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তৃণমূল কংগ্ৰেছৰ কোচবিহাৰ সমিতিৰ সভাপতি অভিজিৎ দে ভৌমিকে কলে – 'মমতা বেনাৰ্জী জীয়াই থকালৈকে বংগ বিভাজন নহয়।' অনন্ত মহাৰজাই কৰা এই মন্তব্যক একেমুখে নাকচ কৰিছে কোচ-ৰাজবংশী নেতাই।

assam himanta biswa sarma bjp